NORTHEAST NOW (Assamese)

অপ্ৰতিৰোধ্য বাবৰৰ আন এক সাফল্য: প্ৰৱেশ কৰিলে ঈৰ্ষণীয় ৰেকৰ্ড ক্লাৱত, স্পৰ্শ কৰিলে কোহলীক

September 30, 2022 9:46 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 1, 2022 2:58 am

সাম্প্ৰতিক ক্ৰিকেট জগতৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ তথা পাকিস্তানৰ অধিনায়ক বাবৰ আজমে অব্যাহত ৰাখিছে দুৰন্ত প্ৰদৰ্শনৰ গতি। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত তিনিওটা ফৰ্মেটতে ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই অহা বাবৰে এই ধাৰা অব্যাহত ৰাখি আজি এক নতুন ৰেকৰ্ড গঢ়িছে।

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ আজি ষষ্ঠ মেচখনত এক বিশেষ কৃতিত্বৰ অধিকাৰী হৈছে বাবৰ। তাৰকা বেটাৰগৰাকীয়ে আজি দৰ্শনীয় বেটিঙেৰে ৫৯ টা বলত ৮৭ ৰানৰ এক ইনিংছ উপহাৰ দিয়।

এই ইনিংটোৰেই বাবৰে বিশ্ব ক্ৰিকেটৰ পঞ্চমগৰাকী বেটাৰ হিচাপে টি-২০ আন্তৰ্জাতিক ক্ৰিকেটত ৩০০০ ৰান সম্পূৰ্ণ কৰে। ইয়াৰ পূৰ্বে কেৱল নিউজিলেণ্ডৰ মাৰ্টিন গুপ্টিল, ভাৰতৰ ৰোসিত শৰ্মা আৰু বিৰাট কোহলী আৰু আয়াৰলেণ্ডৰ পল ষ্টাৰ্লিঙেহে এই সফলতা লাভ কৰিছিল।

বাবৰে এই মাইলষ্ট’ন স্পৰ্শৰ ক্ষেত্ৰত কোহলীৰ সৈতে যুটীয়াভাৱে দ্ৰুততম বেটাৰ হিচাপে পৰিগণিত হয়। দুয়োগৰাকী তাৰকা বেটাৰে ৮১ টা আন্ত:ৰাষ্ট্ৰীয় টি-২০ ইনিংছত এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

অৱশ্যে বাবৰে শৃংখলাৰ পঞ্চমখন টি-২০ মেচতে কোহলীক অতিক্ৰম কৰাৰ সুযোগ লাভ কৰিছিল যদিও মেচখনত ব্যৰ্থ হোৱাত এই অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰাতো বিফল হয়।

Related News