NORTHEAST NOW (Assamese)

বাবৰি মছজিদ ধ্বংসৰ মোকৰ্দমা : আজি ৩২ অভিযুক্তৰ জবানবন্দী ৰেকৰ্ড কৰিব আদালতে

June 4, 2020 11:13 am · এন ই নাও নিউজ
Updated: June 4, 2020 11:14 am

লক্ষ্ণৌস্থিত চিবিআইৰ বিশেষ আদালতে আজি বাবৰি মছজিদ ধ্বংসৰ আচামীৰ জবানবন্দী ৰেকৰ্ড কৰিব।

আজি বৃহস্পতিবাৰে চিবিআইৰ বিশেষ আদালতে জ্যেষ্ঠ বিজেপি নেতাসহ ৩২ গৰাকী আচামীৰ জবানবন্দী ৰেকৰ্ডিং কৰাৰ কথা।

জবানবন্দী বাণীনদ্ধন কৰিব লগীয়া বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ ভিতৰত প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী এল কে আদৱনি, উত্তৰ প্ৰদেশ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং, মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতী, ব্ৰিজ ভূষণ চৰণ আৰু সাক্ষী মহাৰাজো আছে।

ৰাজসাক্ষীসকলে সাক্ষ্য প্ৰদান কৰাৰ পিছত চিআৰপিচিৰ ৩১৩ৰ অধীনত ৪ জুন বৃহস্পতিবাৰে আচামীসকলৰ জবানবন্দী ৰেকৰ্ড কৰাৰ দিন ধাৰ্য কাৰ হৈছিল।

ধাৰা ৩৩৩ৰ অধীনত এজন বিচাৰকে বিচাৰৰ সময় আদালত পেচ কৰাৰ প্ৰমাণৰ ভিত্তিত অভিযুক্তক তেওঁলোকৰ আত্মপক্ষৰ সমৰ্থনৰ সুযোগ দিয়া হ’ব।

‘আদালতে মুঠ ৩৫৪ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিছে। যোৱা সপ্তাহত ৰাজসাক্ষীৰ সাক্ষ্য লোৱা বন্ধ কৰা হৈছে আৰু পৰৱৰ্তী প্ৰক্ৰিয়া হিচাপে আদালতে চিআৰপিচিৰ ৩১৩ৰ অধীনত ৩২ গৰাকী অভিযুক্তৰ জবানবন্দি ৰেকৰ্ড কৰাৰ নিৰ্দেশ দিয়ে।’ চিবিআইৰ বিশেষ বিষয়া ললিত কুমাৰ সিঙে কয়।

তেওঁ লগতে কয় যে যদি অভিযুক্তই নিজৰ বিৰুদ্ধে থকা প্ৰমাণ অস্বীকাৰ কৰে তেনে বাদী পক্ষৰ সাক্ষীক পুনৰ আদালত সাজিৰ কৰোৱাৰ বাবে অনুমতি বিচৰা হ’ব।

উল্লেখ্য যে সমগ্ৰ ঘটনাৰ মুঠ ৪৯ গৰাকী অভিযুক্তৰ ভিতৰত ইতিমধ্যে ১৭ গৰাকী অভিযুক্তৰ মৃত্যু ঘটিছে।

১৯৯২ চনত অযোধ্যাৰ বাবৰি মছজিদ ধ্বংস সন্দৰ্ভত দুটা গোচৰ ৰুজু কৰা হৈছিল। এটা গোচৰ আছিল বাবৰি মছজিদ ধ্বংসৰ বাবে ব্লুপ্ৰিণ্ট ৰচনা কৰা সম্বন্ধীয় আৰু আনটো মছজিদটো ধ্বংসৰ কৰিবলৈ উচটনি দিয়া সম্বন্ধীয়।

ইয়াৰ পিছত বাবৰি মছজিদ ধ্বংস সম্বন্ধীয় মুঠ ৪৭ টা গোচৰ ৰুজু কৰা হৈছিল।

Related News