NORTHEAST NOW (Assamese)

আৰক্ষীৰ বৰ্বৰতা; কোলাত শিশু লৈ থকা এজন ব্যক্তিক আৰক্ষীৰ নিৰ্মম প্ৰহাৰৰ ভিডিঅ’ ভাইৰেল

December 10, 2021 6:12 pm · এন ই নাও নিউজ, গুৱাহাটী

কোলাত এজন শিশু লৈ থকা এজন ব্যক্তিক আৰক্ষীয়ে কৰা নিৰ্মম প্ৰহাৰৰ এটি ভাইৰেল ভিডিঅ’ই খলকনি তুলিছে সামাজিক মাধ্যমত।

ভিডিঅ’টোত আক্ৰমণৰ বলি হোৱা ব্যক্তিজনে ‘শিশুটিৰ গাত লাগিব, শিশুটিয়ে দুখ পাব’ বুলি কান্দি উঠা দেখিবলৈ পোৱা গৈছে।

ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হোৱাৰ পিছত কানপুৰ দেহাটৰ আৰক্ষী অধীক্ষক কেশৱ কুমাৰ চৌধুৰীয়ে কয় যে ভিডিঅ’টোত থকা লোকজনক হাস্পতালৰ চতুৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰী এগৰাকীৰ ভাতৃ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, “প্ৰায় ১০০ জন লোকৰ সৈতে চৰকাৰী কৰ্মচাৰীজনে কোনো কাৰণ নোহোৱাকৈ চিকিৎসালয়খন বন্ধ কৰি দিছিল। আকবৰপুৰ আৰক্ষীয়ে এটা ফোন পাইছিল। চিকিৎসা সেৱা পুনৰ আৰম্ভ কৰিবলৈ আৰক্ষীয়ে মৃদু লাঠিচাৰ্জ কৰিব লগা হৈছিল।”

তেওঁ লগতে কয় যে তেওঁলোকে ব্যক্তিজনক আঘাত কৰা বিষয়াজনক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে। এজন এএছপি পৰ্যায়ৰ বিষয়াই ঘটনাটোৰ তদন্ত কৰিব বুলিও তেওঁ লগতে কয়।

আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে টুইটাৰত এই ভিডিঅ’টো শ্বেয়াৰ কৰি কয়, “যোগী আদিত্যনাথৰ উত্তৰ-প্ৰদেশ মানৱাধিকাৰ উলংঘনৰ শীৰ্ষত আছে।”

 

Related News