NORTHEAST NOW (Assamese)
Popular Stories

কোহলী-অনুষ্কাৰ সংসাৰলৈ নতুন সন্তান: সন্তানৰ নাম প্ৰকাশৰ পিছতেই ব্যাপক চৰ্চা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2024 7:03 am

দেশৰ অন্যতম চৰ্চিত দম্পতী বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই পুনৰ অৰ্জন কৰিছে পিতৃত্ব-মাতৃত্ব। দুয়োৰে সংসাৰলৈ আহিছে এটি পুত্ৰ সন্তান। মঙলবাৰে সামাজিক মাধ্যম যোগে এই বিষয়ে সদৰী কৰে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত কোহলীৰ অনুপস্থিতিৰ পিছতেই এই বিষয়ক লৈ ব্যাপক জল্পনা-কল্পনা চলিছিল। অৱশেষত কালি কোহলীয়ে নিজেই এই বিষয়ে ঘোষণা কৰাৰ পিছতে চৰ্চাৰ অন্ত পৰে।

কোহলীয়ে সদৰী কৰা মতে, যোৱা ১৫ ফেব্ৰুৱাৰীতে তেওঁলোকৰ দ্বিতীয়টি সন্তানৰ জন্ম হয়। সদ্যোজাত পুত্ৰ সন্তানটিৰ নাম ‘অকায়’ ৰখা হৈছে বুলি বিৰাট কোহলীয়ে লগতে উল্লেখ কৰে।

জীৱনৰ এই সুন্দৰ সময়ত সকলোৰে আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰি কোহলীয়ে লগতে এই সময়ত তেওঁলোকৰ গোপনীয়তাক সন্মান জনাবলৈও সকলোকে অনুৰোধ জনায়।

উল্লেখ্য যে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ব্যক্তিগত কাৰণৰ দোহাই দি কোহলীয়ে বিচিচিআইৰ ওচৰত অব্যাহতি দিয়াৰ বাবে অনুৰোধ জনাইছিল আৰু এই অনুৰোধ মৰ্মেই বিচিচিআইয়ে কোহলীক দলত অন্তৰ্ভুক্ত কৰা নাছিল।

ইয়াৰ পিছতে এই বিষয়ত চৰ্চা আৰম্ভ হোৱাত বিচিচিআইয়ে সকলোকে কোহলীৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ ব্যক্তিগত গোপনীয়তাক সন্মান জনাবলৈ অনুৰোধ জনাইছিল।

ইয়াৰ মাজতে শেহতীয়াকৈ কোহলীৰ একালৰ সতীৰ্থ তথা বন্ধু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ এবি ডে ভিলিয়াৰ্ছে কোহলী-অনুষ্কাৰ জীৱনলৈ সোনকালেই এটি সন্তান আহিব বুলি উল্লেখ কৰিছিল যদিও পিছত নিজৰ এই মন্তব্য প্ৰত্যাহাৰ কৰিছিল।

ইফালে কোহলীয়ে তেওঁলোকৰ সন্তানৰ নাম প্ৰকাশ কৰাৰ পিছতে এই নামটিক লৈও ব্যাপক চৰ্চা আৰম্ভ হৈছে। নৱজাতক সন্তানটিৰ নাম অকায় ৰাখিছে কোহলী-অনুষ্কাই। আভিধানিক মতে, এই শব্দৰ অৰ্থ হৈছে নিৰাকাৰ বা শৰীৰ হীন।

সি যি কি নহওক, কোহলীয়ে তেওঁলোকৰ সাংসাৰিক জীৱনৰ এই সুখবৰটি সদৰী কৰাৰ পিছতে তেওঁৰ অনুৰাগীসকলৰ লগতে দলীয় সতীৰ্থ, আন ক্ৰিকেটাৰ তথা চেলিব্ৰেটিসকলেও দুয়োকে অভিনন্দন জনাইছে।