NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতীয় ক্ৰিকেট দলৰ শিবিৰত ক’ৰ’না ভাইৰাছৰ আতংক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 13, 2020 1:57 pm
edc521d31328eaa763aec66334d08771

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল হোৱাৰ পিছত সংবাদমেল সম্বোধন কৰি ভাৰতীয় দলৰ বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰে ক’ৰ’না ভাইৰাছক লৈ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।

তেওঁ সংবাদমেলত কয় যে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হোৱাৰ পৰা দূৰত থাকিবলৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাটোত তেওঁ বল চাইন কৰাৰ ক্ষেত্ৰত থু লগোৱাৰ পৰা বিৰত থাকিব।

বলাৰ গৰাকীয়ে লগতে কয় যে ক’ৰ’না ভাইৰাছৰ বাবে থুই ব্যৱহাৰ কমকে কৰিলে বল চাইন নহ’ব আৰু বেটছমেনে আমাক আক্ৰমণ কৰিব, তেতিয়া আপোনালোকে ক’ব যে আমি ভাল বল কৰিব নোৱাৰিলো।

ভুৱনেশ্বৰ কুমাৰৰ এই মন্তব্যই প্ৰমাণ কৰি দিছে যে ভাৰতীয় ক্ৰিকেট দলৰ শিবিৰত ক’ৰ’না ভাইৰাছৰ আতংকই বিৰাজ কৰিছে।

ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে যদি ভাৰতীয় দলৰ বলাৰ সকলে এনধৰণে পন্থা অৱলম্বন কৰে তেন্তে শৃংখলাটোত দক্ষিণ আফ্ৰিকাই আধিপত্য দখল কৰাৰ সম্পূৰ্ণ সুযোগ লাভ কৰিব।