NORTHEAST NOW (Assamese)

এটা টিভি চেনেলে মোক ভূত আৰু ভিলেইন সজাই আছে : বদৰুদ্দিন আজমল

November 20, 2020 7:45 pm · কল্পজ্যোতি শইকীয়া

নাম নোলোৱাকৈ এটা ব্যক্তিগত টেলিভিছন চেনেলক কটাক্ষ কৰে সাংসদ তথা জমিয়ত উলেমাৰ সভাপতি বদৰুদ্দিন আজমলে।

অসম সাহিত্য সভা ভৱনত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি আজমলে এটা বিশেষ টিভি চেনেলে তেওঁক ভূত আৰু ভিলেইন সজাবলৈ চেষ্টা চলাই থকা বুলি সদৰী কৰে।

‘এটা চেনেলে মোৰ বিৰুদ্ধে দেখাই আছে, এটা চেনেলেই মোক ভিলেইন বনাই আছে। কিছুমান ফ্লিম ডাইৰেক্টৰ আছে যি ভয় খুৱাবলৈ চিনেমা নিৰ্মাণ কৰে। এটে চেনেলে কেৱল হাও……. ভূত আহিব এনেকৈ দেখুৱায়। বাকী তেওঁলোকে  না প্ৰেম দেখে না মহব্বত দেখে। সেইবিলাক মাত্ৰ দুই তিনি সপ্তাহ চলে।‘ আজমলে এইদৰে কয়।

ইপিনে, হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ভাতৃৰ পৰিৱৰ্তে বন্ধু সজাই নাম নোলোৱাকৈ কটাক্ষ কৰে। কিয়নো কালি কংগ্ৰেছ আৰু এআইয়ুডিএফক সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলি কটাক্ষ কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

‘মহাজোঁট হ’বলৈ ওলোৱা বাবে মোৰ বন্ধু পাগল হৈছে। আল্লাই কৰিলে এদিন ভাল হৈ তেওঁ তেজপুৰৰ পৰা ওলাই আহিব। জমিয়তক সাম্প্ৰদায়িক  বুলি কৈ থকাসকলে ভাৰতীয় স্বাধীনতাৰ ইতিহাসৰ আদিপাঠো পঢ়া নাই।‘ এইদৰে কয় আজমলে।

ইপিনে, যোৱা ১৫ বছৰে আজমলে কোনো এটা সাম্প্ৰদায়িক শব্দ কোৱা নাই বুলি দাবী কৰি লগতে কয় যদিও ‘মোৰ ৬৫ বছৰ বয়স। মই অসমত জন্মগ্ৰহণ কৰিছো, মই অসমীয়া। যদি সাম্প্ৰদায়িক কথা কোৱা দেখুৱাই দিব পাৰে তেন্তে মই ৰাজনীতি ত্যাগ কৰিম।‘

‘ৰাজনীতিৰ পথাৰত আমি ইমান তললৈকে নাযাওঁ। কালি এজন বিজেপি নেতাই তেওঁলোকৰ পাৰ্টনাৰ হাগ্ৰামাক তলৰ পৰ্য্যায়লৈকে গৈ গালি পাৰিছিল। এইবোৰ কথা আমি ভাল নাপাওঁ। আমাৰ পৰিয়ালৰ তথা তেজতো নাই ইমান তলৰ পৰ্য্যায়লৈ গৈ ৰাজনীতি কৰা।‘ আজমলে লগতে কয়।

Related News