NORTHEAST NOW (Assamese)
অসম

১৮ মে’ৰ পৰা দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ’ব বদ্ৰীনাথ মন্দিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2021 6:03 pm

উত্তৰাখণ্ডৰ হিমালয়ৰ পাদদেশত অৱস্থিত ইতিহাসপ্ৰসিদ্ধ বদ্ৰীনাথ মন্দিৰ ১৮ মে’ৰ ৰাতিপুৱাৰ পৰা পুনৰ মুকলি হ’ব বুলি মঙলবাৰে বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে।

বসন্ত পুৰ্ণিমা উপলক্ষে নগেন্দ্ৰনগৰ ৰাজমহলত ৰাতিপুৱা মহুৰত অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।

মহুৰত অনুষ্ঠানত বৈদিক ৰীতি নীতিৰে মন্ত্ৰ উচ্চাৰিত কৰাৰ লগতে পুজাৰীয়ে পুজা-অৰ্চনা কৰিব।

১৯ নৱেম্বৰৰ পৰা শীতৰ বাবে বদ্ৰীনাথ মন্দিৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ আছিল।

এইবাৰ বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ মুকলি হোৱাৰ পাছত বদ্ৰীনাথ, কেদাৰনাথ, যমুনোত্ৰী আৰু গংগোত্ৰী এইচাৰিধাম যাত্ৰাৰ বাবে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিব।

সম্পুৰ্ণ কোভিড প্ৰট’কল মানি ভক্তসকলক মন্দিৰ দৰ্শনৰ সুবিধা প্ৰদান কৰা হ’ব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।