NORTHEAST NOW (Assamese)
অসম

বাঘজানৰ জুই: দুই জ্যেষ্ঠ বিষয়াক নিলম্বন অইলৰ

Posted by: অভীক চক্ৰবৰ্তী Updated by: অভীক চক্ৰবৰ্তী June 10, 2020 7:59 pm
Baghjan fire: Two senior officials of OIL suspended

বাঘজানৰ তেলকূপত জুইৰ ঘটনাৰ মাজতে অইল ইণ্ডিয়া লিমিটেডে মঙলবাৰে ইয়াৰ দুজন জ্যেষ্ঠ বিষয়াক নিলম্বন কৰিছে।

নিলম্বিত বিষয়া দুজন হৈছে অইলৰ অ’ জি পি এছ (Oil and Gas Production Service)ৰ মুখ্য অভিযন্তা বিদ্যুৎ পৱন দাস আৰু ড্ৰিলিং বিভাগৰ অধীক্ষক অভিযন্তা দেৱজিত দাস।

অইলৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে নিলম্বিত বিষয়া দুগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।

“এক উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰা হৈছে আৰু প্ৰতিবেদনৰ বাবে অপেক্ষা কৰা হৈছে। আমি এতিয়াই ঘটনাটোৰ বিষয়ে বেছিকৈ ক’ব নোৱাৰো, কিন্তু তদন্ত শেষ হোৱাৰ পিছত বিষয়টো সন্দৰ্ভত আমি মন্তব্য কৰিব পাৰিম,” জ্যেষ্ঠ বিষয়াগৰাকীয়ে জনায়।

ইফালে অইলৰ মুখ্য পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই বুধবাৰে অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ লগত তিনিচুকীয়াত এক বিস্তৃত আলোচনাত মিলিত হয়।

বৈঠকত অইলৰ বিষয়াগৰাকীয়ে মন্ত্ৰী পাটোৱাৰীক বাঘজানৰ বৰ্তমান পৰিস্থিতি আৰু অইলে গ্ৰহণ কৰা কাৰ্য্যব্যৱস্থা সন্দৰ্ভত অৱগত কৰে।

বৈঠকত তিনিচুকীয়াৰ উপায়ুক্ত ভাস্কৰ পেগুও উপস্থিত আছিল।

ইফালে পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আৰু ষ্টীল মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বুধবাৰে দুলীয়াজান আৰু বাঘজানত থকা অইলৰ দলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে জৰুৰী বৈঠকত মিলিত হয়।