NORTHEAST NOW (Assamese)
অসম

বিমানবাহী ৰণতৰী আইএনএছ বিক্ৰান্ত পুনৰুজ্জীৱিত কৰাৰ নামত কোটি কোটি টকা আত্মস্যাৎ; পুত্ৰসহ বিজেপি নেতাৰ বিৰুদ্ধে দাখিল এজাহাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 7, 2022 4:04 pm
বিমানবাহী ৰণতৰী আইএনএছ বিক্ৰান্ত পুনৰুজ্জীৱিত কৰাৰ নামত কোটি কোটি টকা আত্মস্যাৎ; পুত্ৰসহ বিজেপি নেতাৰ বিৰুদ্ধে দাখিল এজাহাৰ

জাহাজ আইএনএছ বিক্ৰান্তক পুনৰুজ্জীৱিত কৰি তোলাৰ নামত বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা ৫৭ কোটিতকৈও অধিক টকা বিজেপি নেতাগৰাকী আৰু তেওঁৰ পুত্ৰই আত্মস্যাৎ কৰাৰ অভিযোগ উঠিছে।

বাতৰি অনুসৰি, বিজেপি নেতা কিৰীট ছোমাইয়া আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে ট্ৰম্বে থানাত এখন এজাহাৰ দাখিল কৰা হয়। এগৰাকী প্ৰাক্তন ভাৰতীয় সেনাৰ বিষয়াৰবিমানবাহী ৰণতৰী আইএনএছ (INS) বিক্ৰান্ত পুনৰুজ্জীৱিত কৰি তোলাৰ নামত কোটি কোটি টকা আত্মস্যাৎ কৰাৰ অভিযোগত বিজেপি নেতা কিৰীট ছোমাইয়া আৰু তেওঁৰ পুত্ৰ নীলৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়ক: হলদিৰামৰ খাদ্যৰ পেকেটত উৰ্দু বাক্য: মহিলা সাংবাদিকক তুলাধুনা নেটিজেনৰ, ভিডিঅ’ ভাইৰেল

বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগত বিজেপি নেতা ছোমাইয়া আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হৈছে।

ভাৰতীয় নৌসেনাৰ প্ৰথম বিমানবাহী ৰণতৰী বা যুদ্ধ অভিযোগৰ ভিত্তিতেই  বিজেপি নেতা আৰু তেওঁৰ পুত্ৰ বিৰুদ্ধে আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

অভিযোগ অনুসৰি, প্ৰাক্তন সাংসদ কিৰীট ছোমাইয়া আৰু তেওঁৰ পুত্ৰ নীলে ২০১৩ৰ পৰা ২০১৪চনৰ ভিতৰত আইএনএছ বিক্ৰান্তক পুনৰুজ্জীৱিত কৰাৰ নামত সাধাৰণ নাগৰিকৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল।

লগতে পঢ়ক: ভ্লাদিমিৰ পুটিনৰ পৰিয়ালৰ বিষয়ে আমি কিমান জানো? কেইটা সন্তানৰ পিতৃ পুটিন?

ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়াগৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁলোকে আইএনএছ বিক্ৰান্তৰ নামত সংগ্ৰহ কৰা ধন চৰকাৰী একাউন্টত জমা নকৰি আত্মস্যাৎ কৰিছে।

মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে এতিয়ালৈকে বিজেপি নেতা আৰু তেওঁৰ পুত্ৰক চমন জাৰি কৰা হোৱা নাই যদিও তেওঁলোকৰ বেংক একাউন্টৰ লগতে ধনৰ লেনদেনৰ বিষয়ে অনুসন্ধান কৰি থকা হৈছে।