NORTHEAST NOW (Assamese)
ক্ৰীড়া

পুঁজিৰ অপব্যৱহাৰ: ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনৰ সভাপতিৰ বিৰুদ্ধে তদন্ত চিবিআই-ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 7, 2022 4:53 pm
Indian Olympic Association

ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনৰ (আইঅএ) সভাপতি নৰিন্দৰ বাত্ৰাৰ বিৰুদ্ধে হকী ইণ্ডিয়াক আৱণ্টন কৰা পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

বাত্ৰাৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে ইতিমধ্যে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

হকী ইণ্ডিয়াৰ বিকাশ আৰু হকী খেলুৱৈসকলৰ কল্যাণৰ বাবে নিৰ্ধাৰিত ৩৫ লাখ টকা নৰিন্দৰ বাত্ৰাই ব্যক্তিগত লাভালাভৰ বাবে ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন হৈছিল।

উল্লেখ্য যে অভিযুক্ত বাত্ৰা ২০১৯ চনৰ পৰা ভাৰতীয় অলিম্পিক সংস্থাৰ সৈতে জড়িত হৈ আছে।

চিবিআইৰ প্ৰাথমিক তদন্তত যদি বাত্ৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ শুদ্ধ প্ৰমাণিত হয়, ফেডাৰেল তদন্ত সংস্থাই এই ক্ষেত্ৰত এজাহাৰ দাখিল কৰিব।