NORTHEAST NOW (Assamese)
অসম

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ, গণৰোষৰ সন্মুখীন কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ সচিব

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ April 7, 2022 1:48 pm

উজনি অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্থ অৱস্থাই জীয়াতু ভোগাইছে স্থানীয় ৰাইজক। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে জনতাৰ মনত উমি উমি জ্বলি থকা ক্ষোভৰ জুই আজি ভালকৈয়ে জ্বলি উঠে।

শিৱসাগৰত দল- সংগঠনৰ ৰোষত পৰিল কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ বিভাগৰ সচিব গিৰিধৰ আৰ্মানি।

দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ আছে যোৰহাটৰ পৰা ডিব্ৰুগড় সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। লগতে চাৰিলেন যুক্ত পথৰ কামো বন্ধ হৈ আছে।

বিধ্বস্ত পথটো শীঘ্ৰে মেৰামতি কৰা আৰু চাৰিলেন যুক্ত পথৰ কাম সোনকালে আৰম্ভ কৰাৰ দাবীত বিভিন্ন দল- সংগঠন তথা ৰাইজে দাবী কৰি আহিছে।

আজি সচিব গৰাকীৰ আগমণৰ সময়ত ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয় সংগ্ৰামী সেনা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহু দল- সংগঠনৰ কৰ্মীয়ে দৰিকা পাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ সময়তে সচিব গোকী উক্ত স্থানত উপস্থিত হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত আৰক্ষীৰে হতাহতিৰ সৃষ্টি হয়। আৰক্ষীয়ে ছাত্ৰ মুক্তিৰ কৰ্মীক প্ৰহাৰ কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ।

উল্লেখ্য যে চাৰিলেন যুক্ত পথ নিৰ্মাণ খৰতকীয়া কৰা, থলুৱা ঠিকাদাৰ প্ৰতিষ্ঠান সমূহক প্ৰাপ্য ধন আদায় দিয়া, দুৰ্নীতি বন্ধ কৰা, যোৰহাটৰ পৰা ডিব্ৰুগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো যাতায়তৰ বাবে সুচল কৰাৰ দাবীত আজি এই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।