NORTHEAST NOW (Assamese)

উৎকোচ বিচৰাৰ অভিযোগত নিলম্বিত ডি এছ পি ভাস্কৰ ওজাৰ জামিন আবেদন নামঞ্জুৰ

August 25, 2018 10:59 am · এন ই নাও নিউজ
নিলম্বিত ডি এছ পি ভাস্কৰ ওজা।

ধুবুৰী জিলাৰ নিলম্বিত উপ-আৰক্ষী অধীক্ষক ভাস্কৰ ওজাই আগতীয়া জামিন বিচাৰি জনোৱা আবেদন এখন শুকুৰবাৰে বিশেষ ন্যায়াধীশৰ আদালতে নামঞ্জুৰ কৰে। ওজাই ধুবুৰীত গোচৰ নিষ্পত্তিৰ বাবে ৩০ লাখ টকা ভেটী লোৱাৰ অপৰাধত প্ৰায় এমাহ আগতে চাকৰিৰ পৰা নিলম্বিত হৈছিল।

অভিযুক্ত এ পি এছ বিষয়াজনৰ বিৰুদ্ধে ধুবুৰী থানাত ৰুজু হোৱা ১০৪৩/২০১৮ (দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭ নং ধাৰাৰ অধীনত) নম্বৰৰ গোচৰৰ কেছ ডায়েৰীত থকা তথ্য আৰু সমলৰ ভিত্তিত আদালতে আগতীয়া জামিন আবেদনখন নামঞ্জুৰ কৰে।

উল্লেখযোগ্য যে আৰিফুল ইছলাম নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত যোৱা ২৪ জুলাইতে ধুবুৰী থানাত অভিযুক্ত ভাস্কৰ ওজাৰ বিৰুদ্ধে পি চি এক্ট ১০৪৩/১৮ ইউ/এছ ৭ৰ অধীনত গোচৰটো পঞ্জীয়ন কৰা হৈছিল।

আনহাতে, ভাস্কৰ ওজাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত গৃহ বিভাগে ২০ জুলাইত তেওঁক নিলম্বন কৰিছিল। এ পি এছ বিষয়াজনে উৎকোচ বিচৰা আৰু গ্ৰহণ কৰা ভিডিঅ’সহ সকলো সাক্ষ্য প্ৰমাণ ইতিমধ্যে গৃহ বিভাগে লাভ কৰা বুলি জানিব পৰা গৈছে।

কিন্তু ৰহস্যজনকভাৱে নিলম্বনৰ এমাহৰ পিছতো দুৰ্নীতিগ্ৰস্ত বিষয়াজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত বিভিন্ন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে।

Related News