NORTHEAST NOW (Assamese)

মুকলি হ’ল নতুন ৰূপত Bajaj চেতক; মধ্যবিত্তৰ বাবে সীমিত দামেৰে য়ামাহা, এথাৰ-৪৫০ক জনাব প্ৰত্যাহবান

October 16, 2019 5:15 pm · এন ই নাও নিউজ
বাজাজ চেতক। উৎস-ইণ্টাৰনেট

১৯৮০ৰ পৰা ১৯৯০ চনৰ ভিতৰত জনসাধাৰণৰ মাজত অন্যতম জনপ্ৰিয় দুচকীয়া বাহন বাজাজ চেতক ১৪ বছৰৰ বিৰতিৰ অন্তত পুনৰ ভাৰতীয় গাড়ী বজাৰলৈ উভতি আহিছে।

স্কুটিৰ ভিৰৰ মাজত লাহে লাহে মানুহৰ মনৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছিল বাজাজ চেতকৰ নষ্টালজিয়া কিন্তু বুধবাৰে ভাৰতৰ বজাৰত সম্পুৰ্ণ নতুন ৰূপত পুনৰ আত্মপ্ৰকাশ ঘটিল এসময়ৰ জনপ্ৰিয় বাহনখনৰ।

বাহ্যিক দৃষ্টিকোণৰ পৰা চেতকৰ ডিজাইনত ভালেমান পৰিবৰ্তন অনা হৈছে যদিও মূল ডিজাইন পুৰণা চেতকৰ দৰে প্ৰায় একে ৰখা হৈছে।

বেটাৰী চালিত হোৱা বাবে নতুন চেতকে পুৰণা চেতকৰ দৰে শব্দ কৰি আবঢ়াৰ বিপৰীতে নিশব্দে ৰাজপথত আগবাঢ়িব।

বাজাজৰ এইখন প্ৰথম ইলেক্ট্ৰিক স্কুটাৰ। ৮৫ কিলোমিটাৰ আৰু ৯৫ কিলোমিটাৰ-এই দুইধৰণৰ ভেৰিয়েণ্টত উপলব্ধ হ’ব বাজাজৰ প্ৰথমখন ইলেক্ট্ৰিক স্কুটাৰ।

বাজাজ চেতকত ৬৭ ৰেটেড লিথিয়াম বেটাৰী সংযোগ হৈ থকাৰ লগতে ঘৰত থকা ৫ ampৰ চাৰ্জিং পইণ্টৰ দ্বাৰা ইয়াক চাৰ্জ কৰিব পৰা যাব।

বাজাজৰ নতুন বাহনখনত এল ই ডি যুক্ত হেড লাইট আৰু বেক লাইট থাকিব।

জানিব পৰা মতে, ২০২০ চনৰ প্ৰথমতে বাহনখন গ্ৰাহকৰ বাবে বজাৰত মুকলি হ’ব আৰু ইয়াৰ মূল্য ১ লাখৰ ভিতৰত ৰখা হ’ব।

স্পোৰ্টিং লুকৰ ইলেক্ট্ৰিক স্কুটাৰ এথাৰ ৪৫০ক বাজাজ চেতকে প্ৰত্যাহবান জনোৱাৰ সম্ভাৱনা আছে।

য়ামাহা ফ্যাশিনো আৰু ভেসপাৰ বাহনকো বাজাজ চেতকে প্ৰত্যাহবান জনাব বুলি আশা কৰা হৈছে।

Related News