NORTHEAST NOW (Assamese)

জিলা প্ৰস্তাৱ: উৎফুল্লিত বজালীবাসী, দল-সংগঠন; মিঠাই বিতৰণ বিজেপিৰ

December 21, 2019 8:59 pm · শশাংক তালুকদাৰ
Updated: December 21, 2019 9:05 pm
সৰ্বানন্দ সোণোৱাল। উৎস-ইণ্টাৰনেট

সোণোৱাল কেবিনেটে শনিবাৰে বজালীক জিলালৈ উন্নীত কৰাৰ প্ৰস্তাৱ লোৱাৰ খবৰে মহকুমাবাসীক উৎফুল্ল কৰি তুলিছে, দল-সংগঠনে চৰকাৰী সিদ্ধান্তক আদৰণি জনাইছে।

নাগৰিকত্ব (সংশোধন) আইন ২০১৯-বিৰোধিতাৰ উত্তাল পৰিৱেশৰ মাজতে অহা এই খবৰে অঞ্চলটোত এক আনন্দৰ ঢৌ তুলিছে। বিজেপিৰ বজালী জিলা সমিতিয়ে ৰাইজৰ মাজত মিঠাই বিতৰণ কৰিছে।

“মই বৰ আনন্দিত,” ৰাইজক মিঠাই খুওৱাত ব্যস্ত জিলা বিজেপি সভাপতি নগেন চৌধুৰীয়ে কয়।

পাঠশালাৰ সমাজকৰ্মী, অধিবক্তা গিৰিধৰ চৌধুৰীয়ে এই ঘোষণাক “বহু প্ৰতীক্ষিত” বুলি অভিহিত কৰি আনন্দ প্ৰকাশ কৰিছে।

তেওঁ কয় যে চৰকাৰে এতিয়া শীঘ্ৰে এই ঘোষণাক কাৰ্য্যকৰী কৰিব লাগে আৰু স্থানীয় লোকৰ বৃহত্তৰ স্বাৰ্থলৈ লক্ষ্য ৰাখি জিলা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে।

কা-বিৰোধিতাৰে প্ৰতিবাদ কৰি অহা আছুকে ধৰি বিভিন্ন দল-সংগঠনেও চৰকাৰী ঘোষণাক আদৰণি জনাইছে, কিন্তু কিছু লেকাম টানি।

আছুৰ বৰপেটা জিলা সভাপতি সমুদ্ৰ পাটগিৰীয়ে সিদ্ধান্তটোৰ আদৰণি জনাইছে, কিন্তু কৈছে যে কা-বিৰোধী আন্দোলন বাহাল থাকিব আৰু অধিক তীব্ৰতৰ হ’ব।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি মৃদুল তালুকদাৰে কৈছে, আমি আনন্দিত কিন্তু কোনো মূল্যৰ বিনিময়তে কা মানি লোৱা নহ’ব।

কলিতা জনগোষ্ঠীয় সন্মিলনী ছাত্ৰ সন্থাৰো একেই মত। সংগঠনটোৰ নেতা অনুপল দত্ত পাঠকেও চৰকাৰী ঘোষণাক আদৰিছে আৰু কা-বিৰোধিতা বাহাল ৰখাৰ কথা কৈছে।

মহকুমাৰ পৰা নতুনকৈ জিলা হ’ব লগা বজালীত তিনিটা বিধান সভা সমষ্টি থাকিব– সৰুক্ষেত্ৰী, ভৱানীপুৰ আৰু পাটাছাৰকুছি।

Related News