NORTHEAST NOW (Assamese)
অসম

বৃদ্ধি পাইছে কৰোনাক্ৰান্তৰ সংখ্যা : বাক্সা জিলা প্ৰশাসনে বন্ধ কৰিলে অষ্টম শ্ৰেণীলৈকে পাঠদান

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক April 27, 2021 8:28 pm
Assam-Schools-to-remain-closed-till-31st-May

বাক্সা জিলাৰ বিভিন্ন ঠাইত অতি সম্প্ৰতি কোভিড ১৯এ ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

বাক্সা জিলাত চৰকাৰী হিচাপ মতে ইতিমধ্যে ১৩১ গৰাকী লোকৰ দেহত কোভিড ১৯ সংক্ৰমণ ধৰা পৰিছে। পৰৱৰ্তী সময়ত ইয়াৰে ৩৯ দেহত কোভিড ঋণাত্মক ওলোৱাৰ বিপৰীতে ২ গৰাকী লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে।

২৬ এপ্ৰিলৰ সন্ধিয়ালৈকে ৯০ গৰাকী লোকৰ দেহত কোভিড ১৯ৰ সংক্ৰমণ সক্ৰিয় হৈ আছে।

তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিত কালি নিশাৰ ভাগত এগৰাকী মহিলাৰ দেহত কোভিড ১৯ৰ সংক্ৰমণ ধৰা পৰাৰ পিছত একেটা পৰিয়ালৰ দুগৰাকী মহিলাৰ দেহত আজি কোভিড ১৯ ধৰা পৰিছে।

নাগ্ৰীজুলিৰ কুম্ভীঝাৰ গাঁৱৰ অবিনাশ শৰ্মা নামৰ যুৱক এজনৰ দেহটো কোভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰাৰ পিছত সোমবাৰে নিশাৰ পৰা আজি দিনৰ ভাগলৈ মুঠ চাৰি গৰাকী লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে।

বাক্সা জিলাত কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনহিতাৰ্থে বাক্সা জিলা দণ্ডাধীশ তথা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকাৰণৰ অধ্যক্ষ ৰঞ্জন শৰ্মাই এক নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশনা যোগে সমগ্ৰ বাক্সা জিলাতে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ লগতে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীলৈকে তৎকালীনভাৱে পাঠদান বন্ধ ঘোষণা কৰা হৈছে। চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়ৰ ক্ষেত্ৰত এই নিৰ্দেশনা জাৰি কৰিছে জিলা দণ্ডাধীশগৰাকীয়ে।

পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই নিৰ্দেশনা জাৰি থাকিব বুলিও উল্লেখ কৰিছে নিৰ্দেশনটোত। অৱশ্যে বিদ্যালয় কৰ্তৃপক্ষক অনলাইন যোগে পাঠদান অব্যাহত ৰাখিবলৈ কোৱা হৈছে।