NORTHEAST NOW (Assamese)

বাক্সা জিলা বিজেপিৰ উপ সভানেত্ৰী যামিনী স্বৰ্গীয়াৰীৰ পথ দুৰ্ঘটনাত মৃত্যু; তামুলপুৰত শোকৰ ছাঁ

August 10, 2021 7:30 am · দীপক কুমাৰ পাঠক
পথ দুৰ্ঘটনাত নিহত বিজেপি নেত্ৰী যামিনী স্বৰ্গীয়াৰীৰ ফাইল ফটো আৰু সোঁফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন। ফটো: নৰ্থইষ্ট নাও।

বাক্সা জিলাৰ  তামুলপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত বাক্সা জিলা বিজেপিৰ উপ সভানেত্ৰী যামিনী স্বৰ্গীয়াৰীৰ মৃত্যু ঘটিছে। নেত্ৰীগৰাকীৰ মৃত্যুত তামুলপুৰত শোকৰ ছাঁ পৰিছে।

ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাই পথত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত সংঘটিত পথ দুৰ্ঘটনাত নিহত হয় প্ৰায় ৬০ বছৰীয়া বাক্সা জিলা বিজেপিৰ উপ সভানেত্ৰী যামিনী স্বৰ্গীয়াৰী।

সোমবাৰে তামুলপুৰ মহকুমাৰ প্ৰস্তাবিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ স্থান পৰিদৰ্শন কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত কচুবাৰীলৈ অহাৰ কথা আছিল।

অন্যান্য বিজেপি নেতা-কৰ্মীৰ লগতে যামিনী স্বৰ্গীয়াৰীও স্কুটীৰে নিজ কন্যা প্ৰভা স্বৰ্গীয়াৰীৰ সৈতে স্বাস্থ্য মন্ত্ৰীৰ কাৰ্যসূচীলৈ গৈছিল।

কিন্তু কেশৱ মহন্তৰ কাৰ্যসূচী বাতিল হোৱাত নিজ কন্যাৰ সৈতে স্কুটীৰে ঘৰলৈ উভতি আহোতে ৰঙিয়াৰ পৰা তামুলপুৰ হৈ ভূটান অভিমূখী PB-10- CZ- 9091 ট্ৰেইলৰখনে যামিনী স্বৰ্গীয়াৰী আৰু তেওঁৰ কন্যা থকা স্কুটীখন মহতিয়াই নিয়ে।

দুৰ্ঘটনাটোৰ ফলত বিজেপি নেত্ৰী গৰাকীৰ লগতে তেওঁ নিজ কন্যা প্ৰভা স্বৰ্গীয়াৰী গুৰুতৰভাৱে আহত হয় ৷

সংকটজনক অৱস্থাত প্ৰথমে দুয়োকে তামুলপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে ৰঙিয়ালৈ নিয়া হয়।

পিছত চিকিৎসাধীন অৱস্থাতে ৰঙিয়াৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত যামিনীৰ মৃত্যু হয়।

আনহাতে, গুৰুতৰভাৱে আহত যামিনীৰ কন্যা প্ৰভা স্বৰ্গীয়াৰী বৰ্তমান ৰঙিয়াত চিকিৎসাধীন হৈ আছে।

তামুলপুৰৰ ভকতপাৰা নিবাসী যামিনী স্বৰ্গীয়াৰী বাক্সা জিলা বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰয়াত লৱ ৰাম স্বৰ্গীয়াৰীৰ পত্নী আছিল।

গয়বাৰী মণ্ডল বিজেপিয়ে যামিনীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Related News