বি টি চি নিৰ্বাচনৰ পূৰ্বে বড়োভূমি ৰক্তাক্ত কৰাৰ ষড়যন্ত্ৰ! বাক্সাত উদ্ধাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ

বড়োভূমিত বি টি চি নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ মাজতে বিভিন্ন দল-সংগঠনে অবৈধ অস্ত্ৰৰ প্ৰসংগকলৈ বোকা চটিওৱাৰ ৰাজনীতি আৰম্ভ কৰিছে।
বড়োভূমিৰ প্ৰায় প্ৰতিটো দলেই প্ৰতিপক্ষ দলৰ হাতত অবৈধ অস্ত্ৰ থকা বুলি অভিযোগ কৰি অহাৰ
সময়তে শুক্ৰবাৰে বাক্সা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ – শস্ত্ৰ ৷
বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত চিনাদী বস্তিত শুক্ৰবাৰে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ- শস্ত্ৰ ৷
বাক্সা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডংগলৰ নেতৃত্বত উদ্ধাৰ হয় এই অস্ত্ৰখিনি ৷ চিনাদী বস্তিৰ দিৰিং নদীৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় এই অস্ত্ৰ ভাণ্ডাৰ ৷
গোপন সুত্ৰৰ পম খেদি বাক্সা আৰক্ষীয়ে নৈৰ পাৰত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে দুটা একে ৪৭ ৰাইফলৰ লগতে ৫২০ জাই সজীৱ গুলি ৷
বি টি চি নিৰ্বাচনৰ আগমূহুৰ্তত বাক্সাত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
উল্লেখ্য কেইদিনমান পূৰ্বে বাক্সাৰ চিমলাত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হৈছিল।