NORTHEAST NOW (Assamese)
অসম

বালাকোটত ভাৰতীয় বায়ুসেনাই ধ্বংস কৰা সন্ত্ৰাসবাদীৰ শিবিৰ পুনৰ গঢ়ি তুলিছে পাকিস্তানে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2020 8:36 pm
balakot-airstrikes

কথাতে আছে কুকুৰৰ নেজ কেতিয়াও পোন নহয়।

পাকিস্তানৰ ক্ষেত্ৰতো এইষাৰ কথা খাঁজে-খাপে মিলি গৈছে। কাশ্মীৰৰ পুলৱামাত পাক সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ চলাই ২০ জনকৈ চিআৰপিএফৰ জোৱানক হত্যা কৰাৰ পিছতে ভাৰতীয় বায়ুসেনাই নিশাৰ অন্ধকাৰত পাক অধিকৃত কাশ্মীৰৰ বালাকোটত স্থাপন কৰা পাক সন্ত্ৰাসবাদীৰ শিবিৰত আক্ৰমণ চলাইছিল।

ভাৰতৰ এই ছাৰ্জিকেল ষ্ট্ৰাইকে সমগ্ৰ বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল।

ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইকে কঁপাই তুলিছিল পাকিস্তানৰো বুকু। কিন্তু ছাৰ্জিকেল ষ্ট্ৰাইকৰ ১৮ মাহ উকলি যোৱাৰ পিছতে পাকিস্তানে পুনৰ বালাকোটত স্থাপন কৰিছে সন্ত্ৰাসবাদীৰ ঘাটি।

সেই ঘাটিত জইছ-ই-মহম্মদৰ দুৰ্ধৰ্ষ নেতা জুবেৰে শ শ যুৱকক ভাৰতৰ বিৰুদ্ধে সংগঠিত কৰাৰ লগতে তেওঁলোকক দি গৈছে সামৰিক প্ৰশিক্ষণ।

ভাৰতীয় চোৰাংচোৱাৰ হাতত  এই তথ্য আহি পৰাৰ পিছতে বিষয়টো সন্দৰ্ভত মুকলিকৈ ষ্পষ্টীকৰণ দিয়াৰ সাহস গোটাব পৰা নাই পাকিস্তানে।

চোৰাংচোৱাৰ তথ্য অনুসৰি পাকিস্তান চৰকাৰৰ পূৰ্ণ সমৰ্থন লাভ কৰি দেশ খনত এতিয়া সক্ৰিয় হৈ আছে ৪০ হাজাৰৰো অধিক সন্ত্ৰাসবাদী।

বালাকোটত পুনৰ পাক সন্ত্ৰাসবাদীয়ে ঘাটি স্থাপন কৰাক চাই কাশ্মীৰত পুনৰ পুলৱামা সদৃশ ভয়ংকৰ কূটাঘাত সংঘটিত হোৱাৰ আশংকাই গা কৰি উঠিছে।