NORTHEAST NOW (Assamese)
অসম

বিতৰ্কই লগ নেৰা মহানগৰীৰ এখন ফ্লাই অভাৰ; দেৱালত ‘গুৰু আসন’; তামোল-গুটখাৰ পিক, ফেইচবুকত ধুমুহা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 22, 2020 8:40 pm
122417393_1043385172750321_4001093394772683930_o

শুভাৰম্ভ হোৱাৰ দিনাই এটাৰ পাছত আন এটা বিতৰ্কই লগ নেৰা হৈছে গণেশগুৰিৰ নতুন উৰণীয়া সেঁতুক।

এফালে যদি নিৰ্মাণত থকা আঁসোৱাহ বিতৰ্ক আনফালে আকৌ ফ্লাইঅভাৰৰ দেৱালত গুৰু আসনৰ দৃশ্য অংকন কৰাক লৈ বিতৰ্ক।

প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মিত ৰাধা গোবিন্দ পথৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেঁতু সংযোগী উৰণীয়া সেঁতুৰ দেৱালত ‘গুৰু আসন’ৰ দৃশ্য অংকনক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছে।

শীঘ্ৰেই উক্ত স্থানৰ পৰা ‘গুৰু আসন’ৰ দৃশ্যাংশ মচি পেলাবৰ বাবেও ছ’চিয়েল মেডিয়াত দাবী উত্থাপন কৰিছে একাংশই।

আজি শুভাৰম্ভণিৰ দিনাই তামোল-গুটখাৰ পিকৰে ভৰি পৰিল নতুন উৰণীয়া সেঁতু। একাংশৰ প্ৰশ্ন ‘কোনো কাণ্ডজ্ঞানহীন লোকে যদি তামোল পিকাওতে অজানিতে গুৰু আসনখনত পৰে তেন্তে সেই অপমান নিশ্চয়কৈ অসহনীয় হ’ব।

এই সন্দৰ্ভত বিশ্বজিৎ নাথে ফেইচবুকত লিখি কয়, ‘গুৰুআসনক ৰাজপথত স্থান নিদিব চৰকাৰ বাহাদুৰ ! এই নতুন ফ্লাইঅভাৰখনৰ ওপৰত তামোল বা গুটখাৰ পিকপেলাই কোনোবাই ঘোষণা(!) কৰিলে আমি মহানাগৰিক হ’বলৈ বহুত বাকী। কাপোৰ-কানিৰে মানুহ জেন্টলমেন হ’ব নোৱাৰে। মানুহ সংস্কাৰৰ দ্বাৰাহে প্ৰকৃত ভদ্ৰলোক হয়। এইখন গুৱাহাটীত জন্ম হৈছো। শৈশৱ,কৈশোৰ, যৌৱন পাৰ কৰিছো। সেয়ে ধনৰ ধনী আৰু মনৰ ধনীবোৰ চিনি পাবলৈ বেছি সময় নালাগে।‘

175e3000-0084-409e-bec1-31e11626baa5

‘তথাকথিত সৌন্দৰ্যৰ নামত আমাৰ পবিত্ৰ নামঘৰ-সত্ৰত থকা গুৰুআসনৰ প্ৰতীকক ছবিৰ ৰূপত দাঙি ধৰা হৈছে। কালিলৈ এই গুৰুআসনৰ ছবিখনৰ ওপৰত কোনোবা জেন্টেলমেনে(!) যদি পিকাই থৈ যায়। তেতিয়া কি হ’ব ! ইয়াৰ দোষৰ ভাগি কোন হ’ব?’ নাথে লগতে লিখি কয়।

তেওঁ আৰু কয়, ‘অসমীয়াৰ চেন্টিমেন্টক লৈ খেলা কৰাৰ অধিকাৰ কাৰোৱেই নাই। সেয়া ৰজাঘৰেই হওক অথবা প্ৰজাঘৰেই নহওক কিয় ! সেয়ে চৰকাৰ বাহাদুৰ অনতিপলমে এই গুৰুআসনৰ প্ৰতিকৃতি ৰাজপথৰ পৰা মচি পেলাওক। গুৰুআসন ভাগিক নামঘৰ-সত্ৰতেই ৰাখক। গুৰুআসন স্বয়ং ভগৱন্তৰ বাঙ্ময় ৰূপ। চৰকাৰ বাহাদুৰ আপোনালোকে যিদৰে গুৰুআসনক ৰাজপথত স্থান দিলে ঠিক তেনেদৰে কোনোবা মছজিদ বা গীৰ্জাৰ ফটো এইদৰে ৰাজপথত অংকণ কৰাৰ দু:সাহস কৰিলেহেঁতেন নে ! নোৱাৰে। ইয়াত আপোনালোকৰ চেক্যুলাৰিজীম ফাটি পৰে।‘

‘অসমীয়াৰ জাতীয় জীৱনৰ এই পবিত্ৰ বস্তুভাগিক লৈ “হেড-টেইল” কৰা বন্ধ কৰক। ইয়াক মৰ্যাদা দিয়ক। ধৰ্ম ৰক্ষা কৰিলেহে ধৰ্মই আমাক ৰক্ষা কৰিব। গুৰুজনা আৰু গুৰুধৰ্মক অপমান নকৰিব। জয় গুৰু শঙ্কৰ।‘ শেষত নাথে লিখি কয়।

1dcf4da8-714c-4586-8db7-04bb1ede7217

আনহাতে, এই সন্দৰ্ভত অচ্যুতকৃষ্ণ কলিতাই নিজৰ ফেইচবুক ৱালত লিখি কয়, ‘নতুনকৈ নিৰ্মাণ হোৱা উৰণীয়া সেতুত বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰি সৌন্দৰ্য্য পৰিবৰ্ধনৰ চেষ্টাক শলাগ লৈছো আৰু ইয়াৰ লগতেই গুৰু আসনৰ ছবিখন আঁতৰাবলৈও দায়িত্বত ন্যস্ত থকা সকলক আহ্বান জনাইছোঁ। আমি অনুভৱ কৰিছোঁ এনে কৰিলে সাময়িক সৌন্দৰ্য্য বৃদ্ধি ঠিকেই হব কিন্তু পিছলৈ ইয়াৰ মৰ্যদা লাঘৱ হব।‘

ইয়াৰোপৰি, বিবেকানন্দ কাকতি নামৰ আন এগৰাকী ফেইচবুক ব্যৱহাৰকাৰীয়ে নিজৰ ৱালত লিখি কয়, ‘আজি শুভাৰম্ভ হোৱা উৰণীয়া সেঁতুখনত এই গুৰু আসন খন মোৰ বোধেৰে ঠিক হোৱা নাই.. প্ৰথম অৱস্থাত ই সৌন্দৰ্য বৰ্ধক হব ঠিকেই কিন্তু সময়ৰ লগে লগে ইয়াত যে মানুহৰ থু, পিক নপৰিব মানে নেই। ৰাইজে বা কি ভাবে.।‘

ইপিনে, এই সন্দৰ্ভত খিলঞ্জীয়া ভুমিপুত্ৰ নামৰ ফেইচবুক একাউন্টৰ পৰা দাবী জনাই কয়, ‘দেৱালৰ পৰা গুৰু আসনখন মচি পেলাওঁক, নহ’লে অপশক্তিয়ে এইখনক লেতেৰা কৰিব সেয়া অপ্ৰিয় হ’লেও সত্য।‘

এনেদৰেই এতিয়া ‘উৰণীয়া সেঁতু’ত গুৰুৰ আসন অংকনক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ লগতে একপ্ৰকাৰৰ ধুমুহা বলিছে।