NORTHEAST NOW (Assamese)
অসম

দুৰ্নীতিৰ গোচৰত প্ৰাক্তন বিত্তমন্ত্ৰীক ৮বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 5, 2020 9:39 am
9a0a6602da8462ca5b7b4c21ab545fcc

সকলো দেশতে আইন থাকে। সেই আইনৰ প্ৰকৃত ৰূপায়ন হ’লে নাইবা প্ৰকৃত ন্যায় বিচাৰ হ’লে কোনো ব্যক্তিয়েই অপৰাধ কৰি সাৰি যাব নোৱাৰে।

দুৰ্নীতিৰ গোচৰত অষ্ট্ৰিয়াৰ প্ৰাক্তন বিত্তমন্ত্ৰী কাৰ্ল-হেইঞ্জ গ্ৰাছাৰক দেশখনৰ এখন আদালতে ৮বছৰৰ কাৰাদণ্ড বিহিছে।

মালিকানাধীন সহস্ৰাধিক এপাৰ্টমেন্ট বিক্ৰীৰ চুক্তিত উৎকোচ লোৱা ভুৱা তথ্য দিয়াৰ প্ৰমান পোৱা গ্ৰাছাৰৰ বিৰুদ্ধে শুকুৰবাৰে ভিয়েনাৰ এখন আদালতে এই ৰায় প্ৰদান কৰে।

বিবিচিৰ বাতৰি অনুসৰি, আদালতে কয় যে গ্ৰাছাৰে প্ৰায় ৯ মিলিয়ন ডলাৰৰো অধিক কেলেংকাৰিৰ সৈতে জড়িত আছিল।

বাতৰিটোত এই ৰায়ৰ বিৰুদ্ধে গ্ৰাছাৰে আবেদন কৰিব বুলি কোৱা হৈছে।

উল্লেখ্য যে ২০০০চনত দেশখনৰ ইতিহাসৰ আটাইতকৈ কনিষ্ঠ বিত্তমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈছিল।

গোচৰটোত মুঠ ১৬জন ব্যক্তিক অভিযুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত কোনোবা ধন সৰবৰাহ, কোনোবা জালিয়াতিৰ সৈতে জড়িত আছিল।