NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় উচ্চ শিক্ষা মিছন (RUSA)ৰ অধীনত জাগীৰোড মহাবিদ্যালয়ত অত্যাধুনিক গৱেষণাগাৰ উন্মোচন  

Posted by: চানু গগৈ Updated by: চানু গগৈ December 5, 2020 9:25 am

মৰিগাঁও জিলাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জাগীৰোড মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় উচ্চ শিক্ষা মিছন (RUSA)ৰ অধীনত দুই কোটি টকা ব্যয় সাপেক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে এটি অত্যাধুনিক গবেষণাগাৰ উন্মোচন কৰা হয়।

অসমৰ ৰুচাৰ মিছন সঞ্চালক তথা ৰাজ্যিক উচ্চ শিক্ষাৰ সচিব ডাঃ দীপক মজুমদৰে ফিটা কাটি উদ্বোধন কৰে গবেষণাগাৰটো।

গৱেষণাগাৰটো উদ্বোধন কৰি বিষয়া গৰাকীয়ে উক্ত কেন্দ্ৰটোৰ জড়িয়তে মহাহিদ্যালয়খনৰ অধ্যয়নৰত শিক্ষাৰ্থী সকল যথেষ্ট উপকৃত হ’ব বুলি দোহাৰে।

অনুষ্ঠানত নিজৰ অভিমত প্ৰকাশ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে ৰুচাৰ মিচন সঞ্চালকগৰাকীক ধন্যবাদ জ্ঞাপন কৰি বহু দিনৰ পৰা মহাবিদ্যলয়খনে ছাত্ৰ-ছাত্ৰীসকলক এটা অত্যাধূনিক গবেষণাকেন্দ্ৰ দিব পৰা নাছিল যদিও আজি উদ্বোধন কৰা কেন্দ্ৰটোৰ জড়িয়তে মহাবিদ্যালয়খনত অধ্যয়নৰত শিক্ষাৰ্থী সকলক উপকৃত কৰিবলৈ সক্ষম হ’ব বুলি সদৰী কৰে।

অনুষ্ঠানত মহাবিদ্যায়খনৰ অধ্যাপক-অধ্যাপিকা সকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।