সীমান্ত টেঙাপানীত বিধায়ক বলিন চেতিয়াৰ বিনামূলীয়া সৌৰ চাকি সংযোগ কাৰ্য্যসূচীৰ শুভাৰম্ভণি

অসমৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ অতি পাছপৰা অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী গাঁও তথা খৰশ্ৰোতা ন-দিহিং নদীয়ে বিভক্ত কৰি ৰখা সীমান্ত টেঙাপানী গাঁৱৰ ৰাইজে বিদ্যুত সেৱাৰ পৰা যুগ যুগ ধৰি বঞ্চিত হৈ থকাত শেহতীয়াকৈ স্থানীয় বিধায়ক বলিন চেতিয়াৰ তৎপৰতাত গাঁৱবাসীয়ে নিজৰ ঘৰখন সৌৰ চাকিৰে পোহৰাবলৈ সক্ষম হ’ব।
আজি বিয়লি বিধায়কগৰাকীয়ে টেঙাপানী প্ৰাথমিক বিদ্যালয়ত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি আগন্তুক ছেপ্তেম্বৰ মাহৰ ভিতৰত গাঁৱখনত ১০৫ টা পৰিয়ালে বিনামূলীয়া সৌৰ চাকিৰ সংযোগ লাভ কৰিব বুলি ঘোষণা কৰাৰ লগতে চলিত সপ্তাহৰ পৰাই এই কামৰ শুভাৰম্ভ কৰা হ’ব বুলি গাঁৱবাসীক আশ্বাস দিয়ে।
আনহাতে, আজিৰ অনুষ্ঠানত এ পি ডি চি এলৰ সঞ্চালক তৰুণ বৰুৱা মৰাণ, বিভাগীয় বিষয়া ৰাজীৱ গগৈ, বিধায়ক প্ৰতিনিধি সীমান্ত মৰাণ আদিয়ে অংশগ্ৰহণ কৰে।
তদুপৰি, বিধায়কগৰাকীয়ে আজি সমষ্টিটোৰ তালাপ, কাকপথাৰ, মাইথং আৰু ডিৰাক গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণ কাৰ্য্যসূচী শুভাৰম্ভ কৰে বুলি বিধায়ক প্ৰতিনিধি সীমান্ত মৰাণে জানিবলৈ দিয়ে।