NORTHEAST NOW (Assamese)
অসম

উজনিত নতুনকৈ মিচিং সশস্ত্ৰ সংগঠন প্ৰতিষ্ঠাৰ কুচকাৱাজ; এজনক গ্ৰেপ্তাৰ

Posted by: ঋতুপল্লব শইকীয়া Updated by: ঋতুপল্লব শইকীয়া August 6, 2019 9:17 pm

ৰাজ্যৰ গৃহ বিভাগক চিন্তাত পেলাই উজনি অসমত কুচকাৱাজ চলিছে এটা মিচিং উগ্ৰপন্থী সংগঠন প্ৰতিষ্ঠাৰ বাবে। এই দাবী কৰিছে গোলাঘাট আৰক্ষীয়ে।

গোলাঘাট আৰক্ষীয়ে আজি চেমলুক দলে নামৰ এজন যুৱকক আটক কৰাৰ পিছতে এই দাবী কৰিছে।

আৰক্ষীয়ে জনোৱামতে, ফৰকাটিং অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা চেমলুক দলে নামৰ যুৱকজনৰ দীৰ্ঘদিনৰ পৰা আলফাৰ সৈতে সম্পৰ্ক আছিল। এওঁৰ নেতৃত্বতে এটা মিচিং জনগোষ্ঠী ভিত্তিক সশস্ত্ৰ বিদ্ৰোহী সংগঠন প্ৰতিষ্ঠাৰ পৰিকল্পনা চলিছে, জনালে আৰক্ষীয়ে।

সূত্ৰটোৰ দাবী এই যুৱকজনে আলফা আৰু এন এছ চি এনৰ লগত সম্পৰ্ক ৰাখি আহিছে দীৰ্ঘদিন।

শেহতীয়াকৈ গোলাঘাটৰ এজন ব্যৱসায়ীক আলফাৰ নামত ধন দাবী কৰি  আজি ধনখিনি নিবলৈ আহোতেই গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শ‌ইকীয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি ফৰকাটিং অঞ্চলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে।

চেমলুকৰ ঘৰ শদিয়াৰ বগৰীজুৰি অঞ্চলত। ইতিমধ্যে তেওঁ শদিয়া অঞ্চলতো বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছে যুৱকজনে।

উজনিৰ অন্য জিলাসমূহৰ লগতে গোলাঘাটতো সংগঠনৰ কামকাজ অব্যাহত ৰখাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।