NORTHEAST NOW (Assamese)

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

May 15, 2025 12:19 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতৰ অপাৰেচন সিন্দুৰৰ বিজয়ৰ পিছত উত্থান দেখিবলৈ পোৱা গৈছে বেলুচিস্তানৰ! বেলুচ বিদ্ৰোহৰ প্ৰধান নেতা মিৰ ইয়াৰ বালোচে বুধবাৰে স্বাধীন বেলুচিস্তানৰ ঘোষণা কৰে। তেওঁৰ এক্স হেণ্ডেলৰ এটা পোষ্টত উল্লেখ কৰে যে ইছলামাবাদে দশক দশক ধৰি এই অঞ্চলত অত্যাচাৰ চলাই আহিছে, মানৱ অধিকাৰ লংঘন কৰি আহিছে। তেওঁ কয় যে বেলুচিস্তানৰ জনসাধাৰণে পাকিস্তানৰ নিৰ্মম শাসন মানি নলয়। মিৰ বালোচে এই ঘোষণাক জনসাধাৰণৰ “সিদ্ধান্ত” বুলি অভিহিত কৰে। ইয়াৰ পিছতেই ছ’চিয়েল মিডিয়াত ‘স্বাধীন বেলুচিস্তান’ৰ দাবীয়ে চৰ্চা লাভ কৰিছে।

বেলুচ নেতা মিৰ ইয়াৰ বালোচে তেওঁৰ এক্স হেণ্ডেলৰ জৰিয়তে ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা প্ৰেৰণ কৰি তেওঁ লিখিছে, “পাকিস্তানৰ সন্ত্ৰাসবাদী ৰাষ্ট্ৰৰ পতন হ’ব। অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰা হ’ব। এতিয়াদ স্বাধীনতাৰ দাবী জনাইছে। ভাৰতক বেলুচিস্তানত চৰকাৰী কাৰ্যালয় আৰু দিল্লীত দূতাবাস স্থাপনৰ অনুমতি প্ৰদন কৰিবলৈ অনুৰোধ কৰিছে। বেলুচ নেতাসকলে ৰাষ্ট্ৰসংঘক স্বাধীন বেলুচিস্তানক স্বীকৃতি প্ৰদানৰ লগতে এই বিষয়ত আলোচনাৰ বাবে বৈঠক আহ্বান কৰিবলৈও দাবী জনাইছে।

মঙলবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টত ভাৰত আৰু বেলুচিস্তানৰ বন্ধুত্বৰ পোষ্টাৰ বেলুচিস্তানৰ সাধাৰণ মানুহৰ হাতত দেখা গৈছিল। সেই পোষ্টৰ সৈতে মিৰ ইয়াৰ বালোচে লিখিছে, “বেলুচিস্তানৰ গণতান্ত্ৰিক গণৰাজ্যৰ জনসাধাৰণে ভাৰতৰ জনগণক সম্পূৰ্ণ সমৰ্থন জনাইছে। চীনে পাকিস্তানক সহায় কৰি আছে, কিন্তু বেলুচিস্তান আৰু ইয়াৰ জনগণ ভাৰত চৰকাৰৰ সৈতে আছে। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উদ্দেশ্যে প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ কৰি বেলুচ নেতাগৰাকীয়ে লিখিছে, “প্ৰিয় নৰেন্দ্ৰ মোদী, আপুনি অকলশৰীয়া নহয়, আপোনাৰ সৈতে ৬ কোটি বেলুচ দেশপ্ৰেমীৰ সমৰ্থন আছে।

Related News