NORTHEAST NOW (Assamese)
অসম

বৰলীয়া নৈৰ ওপৰৰ বাঁহৰ সাঁকো উটুৱাই নিলে বাঢ়নী পানীয়ে

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক June 5, 2021 3:59 pm
bbb

বাক্সা জিলাৰ তামুলপুৰ মহকুমাত বৰলীয়া নৈৰ বাঢ়নী পানীয়ে আজি উটুৱাই নিলে এখন বাঁহৰ সাঁকো।

দ্বাৰকুছি- ৰাঙাপানী- কাউৰবাহা সংযোগী পথৰ লাছিঘাটত থকা বাঁহৰ দলংখন আজি উটুৱাই নিয়ে বৰলীয়া নৈৰ বাঢ়নী পানীয়ে।

কিছু বছৰ আগলৈ লাছিঘাটত বৰলীয় নৈৰ ওপৰত এখন কাঠৰ দলং আছিল যদিও সেইখন নৈৰ পানীয়ে উটুৱাই নিয়াত স্থানীয় ৰাইজে বাঁহৰ সাঁকো সাজি সাঁকো খনৰ ওপৰেৰে যাতায়ত অব্যাহত ৰাখিছিল।

প্ৰতি বছৰে স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহৰ সাঁকো নিৰ্মান কৰি যাতায়ত অব্যাহত ৰাখে যদিও সাঁকো খন উটুৱাই নিয়াত যাতায়াত বন্ধ হৈ পৰে।

সাঁকো খন উটুৱাই নিয়াত কেইবাখনো গাঁওৰ হেজাৰ হেজাৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু ৰোগীৰ বাবে বন্ধ হৈ পৰে যাতায়ত।

অনতি পলমে দ্বাৰকুছি-ৰাঙাপানী- কাউৰবাহা পথত এখন পকী দলংৰ নিৰ্মাণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োক অনুৰোধ এবিএমছু আৰু স্থানীয় ৰাইজৰ।

অন্যথা গণতান্ত্ৰিক আন্দোলন কৰিব বুলিও এবিএমছুৱে সকীয়নি দিছে।