NORTHEAST NOW (Assamese)
অসম

বন্ধক কেন্দ্ৰ কৰি উত্তপ্ত হাফলং: দুটা ফৈদৰ সংঘৰ্ষৰ ফলত আহত বন্ধ সমৰ্থনকাৰী

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব February 6, 2020 3:13 pm
IMG20200206115757

ইণ্ডিজেনাছ পিপুলচ ফ’ৰামৰ ১২ ঘন্টীয়া বন্ধক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে হাফলঙত বন্ধ সমৰ্থক আৰু বন্ধৰ বিৰোধিতা কৰা দুটা ফৈদৰ মাজত হাফলং চিনেমা হ’লৰ সম্মুখত মাৰপিটৰ ঘটনা সংঘটিত হয়।

এই ঘটনাৰ ফলত বন্ধ সমৰ্থনকাৰী আহত হয়। অবশ্যে ঘটনাৰ লগে লগে অতিৰিক্ত আৰক্ষী অধীক্ষক মানবেন্দ্ৰ গগৈ আৰু উপ আৰক্ষী অধীক্ষক এছ কে মৰাঙৰ নেতৃত্বত আৰক্ষীৰ দল আহি ঘটনাস্থলীত উপস্থিত হয়।

ঘটনাৰ পাছতে অতিৰিক্ত জিলা উপায়ুক্ত ধ্রুবজ্যোতি দেব আহি ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ পৰে।

ইপিনে, ঘটনাৰ কিছু সময়য়ৰ পাছত হাফলং চিনেমা হ’লৰ সম্মুখত ঘটনাস্থলীত আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ উপস্থিত হৈ ঘটনাৰ বুজ লয়।

উল্লেখ্য যে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪(২) আৰু ২৭৫(১) দফাৰ অধীনত স্বায়ত্ত শাসিত পৰিষদৰ সৈতে এখন পৃথক স্বায়ত্ত শাসিত জিলা গঠনৰ দাবীত বৃহস্পতিবাৰে এন চি হিলছ ইণ্ডিজেনাছ পিপুলছ ফ’ৰামে ১২ ঘণ্টীয়া ডিমা হাচাও জিলা বন্ধৰ ঘোষণা কৰিছিল।