NORTHEAST NOW (Assamese)

খিতাপ জয়ৰ স্বপ্ন নিৰ্বাপিত নৰ্থ-ইষ্ট য়ুনাইটেডৰ

March 11, 2019 10:05 pm · এন ই নাও নিউজ
বিজয়ী বেংগালুৰু এফ চি দলটো

দ্বিতীয় লেগৰ ছেমি ফাইনেলত বেংগালুৰু এফ চিৰ বিৰুদ্ধে ৩-০ গ’লৰ ব্যাৱধানত পৰাস্তহৈ আই এছ এলৰ খিতাপ জয়ৰ আশা নিৰ্বাপিত হ’ল চলিত চিজনত দুৰ্দান্ত প্ৰদৰ্শন কৰা নৰ্থ-ইষ্ট য়ুনাইটেডৰ।

বেংগালুৰুৰ শ্ৰী কান্তিৰাবা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দ্বিতীয় লেগৰ ছেমিফাইনেল খেলখনত শক্তিশালী বেংগালুৰু এফ চিৰ বিৰুদ্ধে প্ৰথমাৰ্ধত শক্তিশালী প্ৰদৰ্শনেৰে গ’ল শূন্য ভাবে সমাপ্ত কৰি খিতাপ জয়ৰ সম্ভাৱনা উজ্বল কৰি ৰাখিছিল নৰ্থ-ইষ্ট য়ুনাইটেডে। কিন্তু দ্বিতীয়াৰ্ধত নৰ্থ-ইষ্টৰ ৰক্ষণ বিভাগক পৰাভূত কৰি ৭২ মিনিটত মিকুৱে বেংগালুৰুক প্ৰথম অগ্ৰগতি প্ৰদান কৰে।

দ্বিতীয়াৰ্ধত অধিক সংঘবদ্ধ হৈ খেলপথাৰত নমা বেংগালুৰুৰ বিৰুদ্ধে দুৰ্বল হৈ পৰে আঘাত জৰ্জৰ নৰ্থ-ইষ্ট য়ুনাইটেডৰ ৰক্ষণ বিভাগ। ৮৭ মিনিটত দিমাচ দেলগাডোৱে গ’ল কৰি ব্যাৱধান ২-০ লৈ বৃদ্ধি কৰি দলৰ বিজয় নিশ্চিত কৰে। আনহাতে, খেলৰ ইনজুৰি টাইমত ভাৰতীয় দলৰ অধিনায়ক সুনীল ছেত্ৰীয়ে আন এটা গ’ল কৰি  ব্যৱধান ৩-০ লৈ বৃদ্ধি কৰে।

উল্লেখযোগ্য যে, গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰখম লেগৰ ছেমিফাইনেলত নৰ্থ-ইষ্ট য়ুনাইটেডে ২-১ গ’লত পৰাস্ত কৰিছিল বেংগালুৰু এফ চিক।

Related News