NORTHEAST NOW (Assamese)

অসমক ‘উপকৃত’ কৰাৰ আলোচনা, শিলাদিত্যৰ ঘৰত বাংলাদেশী সহ উচ্চ আয়ুক্ত মনচুৰ

October 17, 2018 10:07 pm · কল্পজ্যোতি শইকীয়া
শিলাদিত্য দেব। ফটো- ফে’চবুকৰ পৰা।

পূজাৰ বতৰতে দিচপুৰস্থিত বিধায়ক আৱাসত বুধবাৰে বিজেপি বিধায়ক শিলাদিত্য দেবক সাক্ষাৎ কৰিলে বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ড০ শ্বাহ মহম্মদ মনচুৰে।

আলোচনাত  অসম-বাংলাদেশ সম্প্ৰীতি আৰু অৰ্থনীতিৰ বিষয়টোৱে স্থান পোৱা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ড০ মনচুৰে। তেওঁ লগতে কয় যে ‘এইখন এখন সৌহাৰ্দ্যসমূলক আলোচনা।‘

আনহাতে, আলোচনাৰ পাছতেই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ অসমৰ ৰাইজক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰি লগতে কয়, ‘বাংলাদেশৰ লোকসকলৰ হৃদয়ৰ পৰা এই শুভেচ্ছা জ্ঞাপন কৰিছো।’

তেওঁ লগতে কয় ‘অসমৰ সকলো জাতি-জনগোষ্ঠী সমন্বিতে অতি আনন্দৰে দুৰ্গোৎসৱ উদযাপন কৰিছে। এইখন মোৰ বাবে বিদেশী ভূমি, তথাপি মই অসমৰ দুৰ্গা পূজা উপভোগ কৰিছো, ভাল লাগিছে।‘

আনহাতে, উক্ত আলোচনাৰ পাছতেই শিলাদিত্যই সংবাদ মাধ্যমৰ আগত কয় ‘অসম-বাংলাদেশৰ কথা আলোচনা কৰিলে দুটা দিশ থাকে। এটা হৈছে অবৈধ অনুপ্ৰৱেশকাৰী আৰু আনটো হৈছে চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে বন্ধুত্বৰ দিশটো। এখন ৰাষ্ট্ৰৰ সৈতে আমি কাজিয়া কৰিব নোৱাৰো। আমাৰ কাজিয়া হৈছে অবৈধ অনুপ্ৰৱেশকাৰীসকলক লৈ।‘

ইয়াৰোপৰি তেওঁ কয় ‘বাকী দেশসমূহৰ লগত বন্ধুত্ব কৰি আমাৰ অবৈধ অনুপ্ৰৱেশৰ কথাটো বন্ধ কৰিব পাৰি সেইটোহে আচল কথা। সমগ্ৰ দেশ যাতে উপকৃত হয় তথা অসম যেন উপকৃত হয়, তাৰ তাৰ বিষয়ে এটা ভাল আলোচনা আজি হৈছে।‘

আন একাংশই বাংলাদেশী মুছলমানৰ বিৰুদ্ধে সদা সৰৱ হৈ থকা শিলাদিত্য দেৱক সকীয়নি দিবৰ বাবে অহা বুলিও সন্দেহ প্ৰকাশ কৰিছে।

Related News