NORTHEAST NOW (Assamese)

দুবছৰলৈ নিষিদ্ধ বিশ্বৰ এক নম্বৰ অল ৰাউণ্ডাৰ চাকিব আল হাছান

October 29, 2019 8:22 pm · এন ই নাও নিউজ
বাংলাদেশী ক্ৰিকেটাৰ চাকিব আল হাছানৰ ফাইল ফটো

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে দুবছৰৰ বাবে নিষিদ্ধ কৰিলে বাংলাদেশ ক্ৰিকেট দলৰ এদিনীয়া আৰু টি-২০ৰ অধিনায়ক চাকিব আল হাছানক।

দুবছৰ পূৰ্বে মেচ ফিক্সিঙৰ বাবে বুকীয়ে চাকিবক এক বহৎ অফাৰ আগবঢ়াইছিল। কিন্তু বিষয়টো আই চি চিক নজনোৱাৰ বাবেই চাকিবৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হয়।

এদিনীয়া ক্ৰিকেটৰ ১ নম্বৰ অলৰাউণ্ডাৰ চাকিবে আই চি চিৰ দুৰ্নীতি বিৰোধী বিধিৰ তিনিটা আৰোপ ভংগ কৰা বুলি স্বীকাৰ কৰি লৈছে।

উল্লেখ্য যে আই চি চিয়ে ছাকিবৰ দুবছৰৰ নিষেধাজ্ঞাৰ এবছৰ স্থগিত ৰাখিছে। সেয়ে ২০২০ চনৰ ২৯ অক্টোবৰৰ পৰা তেওঁ পুনৰ ক্ৰিকেটৰ সৈতে জড়িত হ’ব পাৰিব।

আই চি চিয়ে গ্ৰহণ কৰা এই কঠোৰ পদক্ষেপৰ পিছতে চাকিবে কয়, ‘যিটো খেলক মই ভাল পাও, সেই খেলবিধত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, সেয়ে মই বহুত দুঃখিত। কিন্তু মই এই বিষয়ে আই চি চিক নজনোৱাটো মোৰ ভুল আছিল সেয়ে মই নিষেধাজ্ঞা মানি লৈছো’।

এই নিষেধাজ্ঞাৰ বাবে এতিয়া চাকিবে অহা ৩ নবেম্বৰৰ পৰা ভাৰতৰ বিৰুদ্ধে আৰম্ভ হ’ব লগীয়া টি-২০ শৃংখলা আৰু টেষ্ট শৃংখলাত অংশ ল’ব নোৱাৰিব।

ইয়াৰ উপৰি অহা বছৰ আই পি এল আৰু ১৮ অক্টোবৰৰ পৰা ১৫ নবেম্বৰলৈ অষ্ট্ৰেলিয়াত চলিব লগীয়া টি-২০ বিশ্বকাপতো অংশ ল’ব নোৱাৰিব বিশ্বৰ ষ্টাৰ আল ৰাউণ্ডাৰ চাকিব আল হাছান।

Related News