NORTHEAST NOW (Assamese)
অসম

দীৰ্ঘ জল্পনা-কল্পনাৰ অৱসান; ভাৰতত বিশ্বকাপ বৰ্জন কৰিলে বাংলাদেশে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 22, 2026 5:57 pm

দীঘলীয়া জল্পনা-কল্পনাৰ অন্ত পৰিল। অৱশেষত ভাৰতত আয়োজন কৰা টি-২০ বিশ্বকাপত খেলিবলৈ নহাটো নিশ্চিত কৰিলে বাংলাদেশ। বৃহস্পতিবাৰে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে দেশৰ ক্ৰীড়া উপদেষ্টাৰ সৈতে বৈঠকত মিলিত হয়। তাতেই সিদ্ধান্ত লোৱা হয় যে বাংলাদেশে ভাৰতৰ মাটিত বিশ্বকাপ নেখেলে।

অৱশ্যে বিশ্বকাপ খেলাৰ ক্ষেত্ৰত বিচিবি এতিয়াও আশাবাদী। যদি খেলখন আন স্থানত খেলা হয় তেন্তে তেওঁলোকে এটা দল পঠিয়াব পাৰে। সাংবাদিকৰ সন্মুখত বাংলাদেশৰ ক্ৰীড়া উপদেষ্টা আছিফ নাজৰুলে কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ বাবেই ভাৰতত বিশ্বকাপ খেলিবলৈ নাযায় টাইগাৰ বাহিনীয়ে।

নিৰাপত্তাজনিত কাৰণত বাংলাদেশে ভাৰতত বিশ্বকাপ খেলিবলৈ আহিব বিচৰা নাছিল। সেই সন্দৰ্ভত বিচিবিয়ে আইচিচিক আবেদন জনাইছিল যে লিটন দাস বাহিনীৰ মেচখন শ্ৰীলংকালৈ স্থানান্তৰিত কৰক। কিন্তু সেই অনুৰোধৰ কোনো সঁহাৰি নিদিলে আইচিচিয়ে।

ইয়াৰ বিপৰীতে বিচিবিক বিশ্বকাপ খেলাৰ চূড়ান্ত সিদ্ধান্ত ল’বলৈ বৃহস্পতিবাৰৰ সময়সীমা দিয়া হৈছিল। অৱশেষত ক্ৰীড়া উপদেষ্টাগৰাকীৰ সৈতে আলোচনা কৰি বিচিবিয়ে ঘোষণা কৰে যে বাংলাদেশে ভাৰতৰ মাটিত বিশ্বকাপ নেখেলে।

বৈঠকৰ অন্তত বিচিবিৰ সভাপতি আমিনুল ইছলামে সাংবাদিকৰ আগত কয়, “আমি বিশ্বকাপ খেলিবলৈ অতি আগ্ৰহী। যদি আমাৰ খেলখন শ্ৰীলংকাত আয়োজন কৰা হয় তেন্তে আমি নিশ্চয় খেলিবলৈ যাম। বাংলাদেশে বিশ্বকাপত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। বিশ্বকাপৰ সপোন এনেদৰে ২০ কোটি লোকৰ পৰা কাঢ়ি নিব নোৱাৰি। আইচিচিয়ে এনেদৰে সময়সীমা নিৰ্ধাৰণ কৰিব পাৰে নেকি সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে। আজি আমি এই কথা অৱগত কৰিছো যে আমি ভাৰতত নেখেলাৰ সিদ্ধান্তত অটল। অৱশ্যে আমি আইচিচিৰ সৈতে যোগাযোগত আছো।’

ক্ৰীড়া উপদেষ্টা আছিফ নাজৰুলে কয় যে, “যদি কেৱল ভাৰতে মুস্তাফিজুৰ ৰহমানৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে, তেন্তে ই সমগ্ৰ বাংলাদেশ দলটোক কেনেকৈ সুৰক্ষা দিব? তদুপৰি, সমগ্ৰ বাংলাদেশ দলটোক পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰা হ’ব বুলি ভাৰত চৰকাৰে আমাক কোনো ধৰণে আশ্বাস দিয়া নাই। ভাৰতে এবাৰো কোৱা নাই যে মুস্তাফিজুৰৰ ঘটনাটো এক বিচ্ছিন্ন ঘটনা আছিল। তাৰ বাবে আমি ক্ষমা বিচাৰিছো।”

আছিফৰ মতে, আইচিচি কাৰো নিৰাপত্তাৰ বাবে দায়বদ্ধ নহয়। গতিকে ভাৰতে নিজেই নিৰাপত্তাৰ নিশ্চয়তা দিব লাগিব।