NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়ৰ ৰায়দানক লৈ সন্তুষ্ট নহয়, পৰ্যালোচনা কৰিম :  জফৰয়াব জিলানী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 9, 2019 12:35 pm
Jilani

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক অযোধ্যা গোচৰৰ ৰায়দানক লৈ সন্তুষ্ট নহয় মুছলিম পক্ষ।

অযোধ্যা গোচৰৰ ঐতিহাসিক ৰায় দানৰ তেওঁলোকে পৰ্য্যালোচনা কৰিব বুলিও মুছলিম পক্ষৰ অধিবক্তা জফৰয়াব জিলানীয়ে কয়।

‘‘বিবাদমান বাবৰি মছজিদৰ ভিতৰত কোনোধৰণৰ মুৰ্তি নাই বুলি উচ্চতম ন্যায়ালয়ে ৰায়দানত উল্লেখ কৰিছে আৰু মুছলমান সকলে বাবৰি মছজিদৰ ভিতৰত নামাজ পঢ়িছিল তেনেস্থলত উক্ত স্থান অন্য পক্ষক হস্তান্তৰ কৰাটো দুৰ্ভাগ্যজনক,’’ জিলানীয়ে কয়।

আনহাতে, জিলানীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়দানত অসন্তুষ্টি ব্যক্ত কৰিলেও ন্যায়ালয়ৰ সিদ্ধান্তক সন্মান জনাই সকলোৱে শান্তি-শৃংখলা বজাই ৰাখিব লাগে বুলি মন্তব্য কৰে।

৯ অক্টোবৰ শনিবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে অযোধ্যাৰ ৰাম জনমভূমি আৰু বাবৰি মছজিদ গোচৰৰ ৰায়দান কৰে।

উচ্চতম ন্যায়ালয়ে গোচৰৰ ভালেমান দিশ পৰ্যালোচনা কৰি বহু দশক পুৰণি অযোধ্যা গোচৰৰ ৰায়দান দিয়ে।

সৰ্বোচ্চ ন্যায়ালয়ে ৰায়দানত বাবৰি মছজিদ খালী মাটিত নিৰ্মাণ হোৱা নাছিল বুলি উল্লেখ কৰিলেও মছজিদ নিৰ্মাণ স্থানত উদ্ধাৰ হোৱা বিভিন্ন পুৰণি প্ৰমাণ মন্দিৰৰ আছিল নে নাই সেই সম্পৰ্কত ভাৰতীয় পুৰাতত্ত জৰীপৰ তথ্য পৰ্যাপ্ত নহয় বুলি কয়।

উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদ ধ্বংস কৰা কাৰ্য্যকো বেআইনী বুলি উল্লেখ কৰে।