NORTHEAST NOW (Assamese)
অসম

পশ্চিম বংগৰ মন্ত্ৰীক ভিছা দিবলৈ অস্বীকাৰ বাংলাদেশৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 25, 2019 10:03 pm
Bangladesh Flag

পশ্চিম বংগৰ মমতা বেনাৰ্জী কেবিনেটৰ মন্ত্ৰী ছিদ্দিক চৌধুৰীক ভিছা দিবলৈ অস্বীকাৰ কৰিছে বাংলাদেশ চৰকাৰে।

‘‘ভিছা আবেদন নিৰ্ধাৰিত নিয়ম অনুসৰি কৰাৰ পাছত কিয় মোক ভিছা দিবলৈ অস্বীকাৰ কৰা হৈছে সেয়া মই নাজানো,’’ চৌধুৰীয়ে কয়।

বাংলাদেশ চৰকাৰৰ তৰফৰ পৰা ভিছা দিবলৈ অস্বীকাৰ কৰা প্ৰসংগত কোনোধৰণৰ কাৰণ ৰাজহুৱা কৰা নাই বুলিও চৌধুৰীয়ে লগতে কয়।

কাৰিকৰী কাৰণতে বাংলাদেশ চৰকাৰে ভিছা দিবলৈ অস্বীকাৰ কৰিছে বুলি কলকাতাত থকা বাংলাদেশ ডেপুটি হাই কমিছনৰ সূত্ৰত উল্লেখ কৰা হয়।

‘‘মই কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ভ্ৰমণ সন্দৰ্ভত এন অ’ চি লাভ কৰিছো আনকি পশ্চিম বংগৰ মুখ্য মন্ত্ৰীয়ো ভ্ৰমণ সম্পৰ্কে জ্ঞাত। অন্তিম সময়ত মই ভ্ৰমণ বাতিল কৰিবলগীয়া হ’ল,’’ মন্ত্ৰীগৰাকীয়ে কয়।

উল্লেখযোগ্য যে, মমতা কেবিনেটৰ মন্ত্ৰী গৰাকীয়ে বৃহস্পতিবাৰে বাংলাদেশ ভ্ৰমণলৈ উৰা মৰাৰ কথা আছিল।