NORTHEAST NOW (Assamese)

ভাৰতৰ পাছত বাংলাদেশত ১৬ মে’লৈ বৃদ্ধি ল’কডাউন

May 4, 2020 10:15 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ভাৰতৰ পাছত প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশেও ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাষ্ট্ৰজোৰা ল’কডাউন ১৬ মে’লৈ বৃদ্ধিৰ ঘোষণা কৰে।

বাংলাদেশৰ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা দেশখনত ল’কডাউন বৃদ্ধিৰ কথা প্ৰকাশ কৰা হয়।

ভাৰতৰ চুবুৰীয়া দেশখনত ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ১০,১৪৩ জনলৈ বৃদ্ধি পোৱাৰ পাছতে শ্বেইখ হাছিনাৰ চৰকাৰে ল’কডাউন বৃদ্ধিৰ সিদ্ধান্ত লয়।

বাংলাদেশত সোমবাৰে ৬৮৮ গৰাকী লোক নতুনকৈ ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে যিটো বৰ্তমানলৈ দেশখনত এদিনত হোৱা সৰ্বাধিক পজিটিভ কেচৰ ঘটনা।

শ্বেইখ হাছিনা চৰকাৰে দেশখনত ল’কডাউন বৃদ্ধি কৰিলেও ৰপ্তানিৰ লগত জড়িত ব্যাৱসায় সমূহ যদিহে সামাজিক দূৰত্ব মানি চলাই থকাৰ বাবে অনুমতি প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, ভাৰততো দ্বিতীয় পৰ্যায়ৰ ল’কডাউন ৩ মে’ত সামৰণি পৰাৰ পাছত পুনৰ দুসপ্তাহলৈ অৰ্থাৎ ১৭ মে’লৈ ল’কডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা হৈছিল।

আনহাতে, জাপানৰ প্ৰধান মন্ত্ৰীও ৩১ মে’লৈ ৰাষ্ট্ৰজোৰা জৰুৰীকালীন অৱস্থা বৃদ্ধিৰ কথা ঘোষণা কৰে।

Related News