NORTHEAST NOW (Assamese)
অসম

হাস্পাতলত কিটৰ অভাৱত বাধাগ্ৰস্ত কোভিড-১৯টেষ্ট; সংকটত বাংলাদেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 8, 2020 10:35 am
1586435761_ppe new

চুবুৰীয়া দেশ বাংলাদেশত কৰ’না সংক্ৰমণৰ পৰিস্থিতি অত্যন্ত জটিল হৈ পৰিছে। দেশখনত মুঠ আক্ৰান্তৰ সংখ্যা প্ৰায় ৬৭ হাজাৰ স্পৰ্শ কৰিছে।

দিনে দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা আৰু তাৰ লগে লগে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও।

ইয়াৰ মাজতে দেশখনৰ হাস্পাতলত উদ্ভৱ হৈছে কিটৰ সংকট যাৰ ফলত কোবিড-১৯ৰ পৰীক্ষা বাধাগ্ৰস্ত হৈ পৰিছে।

বাতৰি অনুসৰি কিটৰ অভাৱত কুমিল্লা মেডিকেল কলেজত কিটৰ অভাৱত বন্ধ হৈ পৰিছে কোভিড টেষ্ট।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, কুমিল্লাত প্ৰতিদিনে কমেও ৩৯০টা নমুনা সংগ্ৰহ কৰা হয়।

ইয়াৰ বিপৰীতে কুমিল্লা মেডিকেল কলেজত মাত্ৰ ১৮০টা নমুনাহে পৰীক্ষা কৰিব পৰা ব্যৱস্থা আছে। বাকী নমুনা খিনি ঢাকাৰ আইচিডিডিআৰবিলৈকে প্ৰেৰণ কৰা হয়।

বাতৰি অনুসৰি, শনিবাৰৰ পৰা কুমিল্লা মেডিকেল কলেজত টেষ্ট কিটৰ সংকট আৰম্ভ হয় আৰু দেওবাৰে পৰীক্ষা সম্পূৰ্ণ বন্ধ থাকে।

এতিয়া নতুন কৰি নমুনা সংগ্ৰহ কৰা বন্ধ কৰা হৈছে আৰু কিট অহালৈকে অপেক্ষা কৰা হৈছে।

বাতৰি অনুসৰি, নমুনা পৰীক্ষা কৰাৰ বাবে কুমিল্লাৰ স্বাস্থ্য প্ৰশাসন বিমোৰত পৰিছে। আনহাতে, কুমিল্লাৰ বাহিৰত থকা ঢাকা তথা চট্টগ্ৰামৰ বহুতো লেবেই নতুনকৈ নমুনা গ্ৰহণ কৰিবলৈ অমান্তি হৈছে।

দেশখনত এতিয়ালৈকে কৰ’নাত আক্ৰান্ত হৈ মুঠ ৮৮৮জন লোকৰ মৃত্যু ঘটিছে।

কৰ’না আক্ৰান্ত লোকৰ সংখ্যা ক্ষিপ্ৰভাৱে বৃদ্ধি পাবলৈ লোৱাৰ সময়তে টেষ্ট কিটৰ অভাৱে বাংলাদেশত সংকট আৰু গভীৰ কৰি তুলিছে।