NORTHEAST NOW (Assamese)
দেশ

কলকাতাত ১৪ মে’ৰ পৰা নিৰুদ্দিষ্ট বাংলাদেশৰ সাংসদ ; সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী-ইণ্টেলিজেঞ্চ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 22, 2024 10:55 am

বাংলাদেশৰ এজন সাংসদ আনোৱাৰুল আজিম পাঁচ দিন পূৰ্বে চিকিৎসাৰ বাবে কলকাতাত উপস্থিত হোৱাৰ পাছত সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। তিনিবাৰৰ আৱামী লীগৰ সাংসদগৰাকীৰ সন্ধান উলিয়াবলৈ আৰম্ভ কৰা হৈছে এক অনুসন্ধান অভিযান।

সাংসদজন ১২ মে’ত কলকাতাত উপস্থিত হয়।কিন্তু তাৰ পাছৰ পৰা তেওঁ পৰিয়ালৰ সৈতে যোগাযোগ কৰা নাই, আৰু ১৪ মে’ৰ পৰা সাংসদজনৰ ফোনটো চুইচ অফ হৈ আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

সাংসদগৰাকীৰ পৰিয়ালে এই বিষয়টো বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আগত উত্থাপন কৰে, আৰু ইয়াৰ পাছত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দিল্লী আৰু কলকাতাৰ কূটনীতিবিদসকলক এই বিষয়ে অৱগত কৰে আৰু তেওঁলোকে এই বিষয়টো আৰক্ষীলৈ প্ৰেৰণ কৰে। কলকাতাত থকা বাংলাদেশৰ দূতাবাসেও তদন্ত আৰম্ভ কৰিছে।

অৱশ্যে এতিয়ালৈকে সাংসদ আজিমৰ কোনো সন্ধান পোৱা নাই। আৱামী লীগৰ সূত্ৰ অনুসৰি সাংসদগৰাকীয়ে প্ৰায়ে ভাৰত ভ্ৰমণ কৰে কাৰণ তেওঁ চিকিৎসাৰ বাবে আহে, আৰু তেওঁৰ বাবে কলকাতা চিনাকি। তেওঁৰ বহু চিনাকি লোক পশ্চিমবংগত আছে।

কনছুলেটৰ এজন বিষয়াই জনোৱা মতে, ১২ মে’ত সাংসদগৰাকীয়ে দৰ্শনা সীমান্তৰে পশ্চিম বংগত প্ৰৱেশ কৰিছিল আৰু সেইদিনা বৰানগৰৰ গোপাল বিশ্বাস নামৰ বন্ধু এজনৰ ঘৰলৈ গৈছিল। দুদিন পাছত ১৪ মে’ত তেওঁ সেইদিনা ঘূৰি আহিম বুলি বন্ধুৰ ঘৰৰ পৰা ওলাই আহিল; নহ’লে পিছদিনা ঘূৰি আহিব বুলি জনাইছিল। কিন্তু যিহেতু আজিম খবৰ অনুসৰি ঘূৰি নাহিল, সেয়েহে গোপাল বিশ্বাসে কলকাতা আৰক্ষীত নিৰুদ্দিষ্ট হোৱাৰ গোচৰ ৰুজু কৰে।

বাংলাদেশ সংযোগৰ উপৰিও নিয়মীয়া অহা-যোৱাৰ বাবে সাংসদগৰাকীয়ে ভাৰতীয় চিম কাৰ্ড ব্যৱহাৰ কৰি আছিল। গোপালে আৰক্ষীক অৱগত কৰে যে দুয়োটা ফোন চুইচ অফ কৰা হৈছে। সূত্ৰই লগতে কয় যে সাংসদগৰাকীয়ে নিজৰ সামগ্ৰী বন্ধুৰ ঘৰত থৈ কাৰ্যতঃ খালী হাতেৰে গুচি গৈছিল।

সাংসদ আনোৱাৰুল আজিমৰ কন্যা মুমতাৰিন ফিৰদৌছে মঙলবাৰে ঢাকা মহানগৰ আৰক্ষীৰ চোৰাংচোৱা বিভাগত পিতৃ নিৰুদ্দিষ্ট হোৱা সন্দৰ্ভত এজাহাৰ দাখিল কৰে।বাংলাদেশৰ জ্যেষ্ঠ চোৰাংচোৱা বিষয়া মহম্মদ হাৰুণ ৰছিদৰ মতে সাংসদগৰাকীৰ ফোন কেতিয়াবা চুইচ অফ আৰু কেতিয়াবা কাৰ্যক্ষম হোৱা দেখা যায় যদিও তেওঁৰ সৈতে যোগাযোগ কৰিব পৰা যোৱা নাই।