NORTHEAST NOW (Assamese)
দেশ

ৰীলৰ স্বাৰ্থত ১০০ ফুট দ’ জলাশয়ত জাঁপ; থিতাতে সলিল সমাধি যুৱকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 22, 2024 9:58 am

ঝাৰখণ্ডত সংঘটিত হৈছে এক শোকাৱহ ঘটনা৷মঙলবাৰে আৰক্ষীয়ে জনোৱা মতে, ঝাৰখণ্ডৰ সাহিবগঞ্জ জিলাৰ এজন ১৮ বছৰীয়া যুৱকে ১০০ ফুট উচ্চতাৰ পৰা গভীৰ পানীত জপিয়াই ইনষ্টাগ্ৰাম ৰিল বনাবলৈ গৈ মৃত্যুক আকোঁৱালি লয়।

সোমবাৰে সন্ধিয়া প্ৰায় ১০০ ফুট উচ্চতাৰ পৰা কুৱেৰী হ্ৰদত জপিয়াই পৰে তৌছিফ নামৰ যুৱকজনজন। জলাশয়ত গা ধুই থকা তেওঁৰ বন্ধুসকলে তেওঁক বচাবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল।

ঘটনাৰ পাছত বন্ধুবৰ্গই স্থানীয় লোক আৰু আৰক্ষীক সতৰ্ক কৰি দিয়ে, আৰু তালাচী অভিযান আৰম্ভ কৰা হয়। পাছত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ঘটনাৰ এটা ভিডিঅ’ত দেখা গৈছে যে যুৱকজনে পানীত জপিয়াই পৰাৰ সময়তে তেওঁৰ বন্ধুৱে এই ঘটনাৰ ৰেকৰ্ডিং কৰিছে। অৱশ্যে পানীত পৰি সাঁতুৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁ ডুব যাবলৈ ধৰে।

উপ-আৰক্ষী অধীক্ষক বিজয় কুমাৰ কুশৱাহাই জনোৱা মতে, কেইবাফুট দ পানীত জপিয়াই পৰাৰ পাছত যুৱকজনে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি ডুব যায়।