NORTHEAST NOW (Assamese)
অসম

Bangladesh PM Sheikh Hasina চাৰিদিনীয়া ভ্ৰমণসূচীলৈ নতুন দিল্লীত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 5, 2022 5:19 pm
Bangladesh PM Sheikh Hasina চাৰিদিনীয়া ভ্ৰমণসূচীলৈ নতুন দিল্লীত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা

২০১৯ চনৰ অক্টোৱৰ মাহত শেষবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আজি পুৱাৰ ভাগত ঢাকাৰ পৰা পোণে পোণে আহি নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰে। নতুন দিল্লীত অৱতৰণ কৰাৰ পিছতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজামুদ্দিন দৰগাহ দৰ্শন কৰে।

তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আজিয়েই এক আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে। বাংলাদেশৰ বৈদেশিক দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি হাছিনাৰ এই ভ্ৰমণৰ সময়তে ভাৰত-বাংলাদেশ জল বণ্টন বিবাদকে ধৰি আন কেইবাটাও বিষয়ত কেইবা খনো চুক্তি স্বাক্ষৰ হ’ব।

হাছিনাই ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ৰাজনীতিকক সাক্ষাৎ কৰিব। আজিৰে পৰা ৮ ছেপ্টেম্বৰলৈ হাছিনা ভাৰতত থাকিব। তেওঁ ৮ ছেপ্টেম্বৰত ৰাজস্থানৰ আজমেৰলৈ যাব বুলি জানিব পৰা গৈছে।উল্লেখ্য ভাৰতলৈ অহাৰ পূৰ্বে কালি তেওঁ এটা সংবাদ প্ৰতিষ্ঠানক এক বিশেষ সাক্ষাৎকাৰ দিছিল।

সাক্ষাৎকাৰটোত হাছিনাই ভাৰতক বিভিন্ন বিষয়কলৈ প্ৰশংসা কৰিছিল।হাছিনাই কৈছিল যে ভাৰত চৰকাৰৰ সমৰ্থনে ইউক্ৰেইনত বাংলাদেশী নাগৰিকসকলক সহায় কৰিছিল।যুদ্ধ বিধ্বস্ত ইউক্ৰইনত আবদ্ধ হৈ পৰা বাংলাদেশৰ শিক্ষাৰ্থীসকলক স্থানান্তৰ কৰাত ভাৰতে যি সহায় কৰিলে তাৰ বাবে হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছিল।

ভাৰত চৰকাৰৰ ভেকছিন মৈত্ৰী কাৰ্যসূচীকো প্ৰশংসা কৰি হাছিনাই কৈছিল যে এয়া প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা এক অতি ফলপ্ৰসূ পদক্ষেপ আছিল।