NORTHEAST NOW (Assamese)

সশস্ত্ৰ বাহিনী দিৱসত চহিদক শ্ৰদ্ধাজ্ঞাপন বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা আৰু ৰাষ্ট্ৰপতি আব্দুল হামিদৰ

November 23, 2019 8:14 am · এন ই নাও নিউজ
শ্বেইখ হাছিনা, উৎস-ইণ্টাৰনেট

সশস্ত্ৰ বাহিনী দিবস উপলক্ষে বৃহস্পতিবাৰে বীৰ চহিদৰ স্মৃতিত শ্ৰদ্ধা জ্ঞাপন কৰে বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা আৰু ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদে।

বৃহস্পতিবাৰে ৰাতিপুৱাই ‘সশস্ত্ৰ বাহিনী দিবস-২০০৯’ উপলক্ষে ঢাকাৰ সেনা নিবাসত উপস্থিত হয় শ্বেইখ হাছিনা।

সেনা নিবাসত উপস্থিত হৈ হাছিনাই সেনা স্মাৰকত পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধা জনায়।

প্ৰধান মন্ত্ৰীয়ে বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত আত্মবলিদান দিয়া জোৱান সকলৰ বাবে কিছুসময় মৌনতাও অৱলম্বন কৰে।

ঢকাৰ সেনা নিবাসত উপস্থিত হোৱাৰ লগে লগে নৌ, বিমান আৰু স্থল সেনা প্ৰধানে প্ৰধান মন্ত্ৰীক অভ্যৰ্থনা জনায়।

প্ৰধান মন্ত্ৰীৰ পাছতে চহিদ স্মাৰকত পুষ্পাঞ্জলি অৰ্পন কৰে বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদে।

বৃহস্পতিবাৰে দেশত সশস্ত্ৰ বাহিনী দিৱস পালন কৰাৰ পাছতে শুকুৰবাৰে ভাৰতৰ কলকাতাত গুলপীয়া টেষ্ট খেল শুভাৰম্ভণিৰ বাবে উপস্থিত হয় শ্বেইখ হাছিনাই।

শ্বেইখ হাছিনাই শুকুৰবাৰে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত অনুষ্ঠিত হোৱা দিবা-নৈশ গুলপীয়া টেষ্ট মেচ ইডেন গাৰ্ডেনত বেল বজাই উদ্বোধন কৰে।

Related News