NORTHEAST NOW (Assamese)

অক্টোবৰত বাংলাদেশৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত আলোচনাৰ মুখ্য বিষয় হ’ব এন আৰ চি!

September 14, 2019 9:07 am · এন ই নাও নিউজ
ফাইল ফটো। উৎস: ডি এন এ

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই অহা অক্টোবৰৰ ৩ তাৰিখৰ পৰা ৬ তাৰিখলৈ ভাৰত ভ্ৰমণলৈ আহিব।

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হাছিনাৰ আলোচনাকালত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ৰ পৰা নাম বাদ পৰা লোকসকলৰ প্ৰসংগত ঢাকাৰ চিন্তাৰ বিষয়টোৱে স্থান পোৱাৰ সম্ভাৱনা আছে।

বৰ্তমান কাৰ্যকালত মোদী আৰু হাছিনাৰ মাত এইখনেই হ’ব প্ৰথম বৈঠক।

২০১৮’ৰ ডিচেম্বৰত হাছিনাই নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে তৃতীয়বাৰলৈ ক্ষমতালৈ আহে। আনহাতে, মোদীয়ে যোৱা জুন মাহত দ্বিতীয়টো কাৰ্যকালৰ বাবে শাসনলৈ আহিছে।

দুয়োগৰাকী প্ৰধান মন্ত্ৰীয়ে ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে আৰু যৌথভাৱে কেইবাটাও প্ৰকল্প মুকলি কৰিছে।

মোদীৰ সৈতে বৈঠকত মিলিত হোৱাৰ উপৰি হাছিনাই অহা ৪ অক্টোবৰত ৱৰ্ল্ড ইক’নমিক ফৰামৰ ইণ্ডিয়া ইক’নমিক ছামিট’ত ভাষণ ৰাখিব।

আনহাতে, ভাৰতৰ সৈতে আলোচনাকালত বাংলাদেশে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি)ৰ পৰা বাদ পৰা লোকসকলৰ সন্দৰ্ভত তেওঁলোকৰ চিন্তাৰ বিষয়টো উত্থাপন কৰাৰ সম্ভাৱনা আছে।

ৰাজ্যখনৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ভাৰতে বাংলাদেশক ‘ভাৰতত অবৈধভাৱে বসবাস কৰা ইয়াৰ লোকসকলক গ্ৰহণ কৰিবলৈ’ পতিয়ন নিয়াব।

ইপিনে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰে যোৱা আগষ্টত তেওঁৰ প্ৰথমটো বাংলাদেশ ভ্ৰমণৰ সময়ত বাংলাদেশৰ বৈদেশিক মন্ত্ৰীগৰাকীক অসমৰ অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ প্ৰক্ৰিয়াটো ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি কৈছিল।

বৈদেশিক মন্ত্ৰালয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে অসমত এন আৰ চিৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ ভৱিষ্যতৰ সিদ্ধান্তটো কিছু দীঘলীয়া প্ৰক্ৰিয়া হ’ব আৰু তেওঁলোকে বিদেশী ন্যায়াধীকৰণ তথা উচ্চ আদালতত আবেদন জনোৱাৰ অধিকাৰ লাভ কৰিব।

আনহাতে, বাংলাদেশৰ ফালৰ পৰা আলোচনাকালত দেশখনত থকা হাজাৰ হাজাৰ ৰোহিংগ্যা শৰণাৰ্থীক ম্যানমাৰলৈ প্ৰত্যপৰ্ণ  কৰা বিষয়টোত ভাৰকতৰ সহযোগিতা বিচৰাৰ সম্ভাৱনা আছে।

Related News