NORTHEAST NOW (Assamese)

ভাৰততকৈ আগত বাংলাদেশ: ঢাকাত কোভিড বুষ্টাৰ ডজ প্ৰদানৰ পৰীক্ষামূলক আৰম্ভনি

December 19, 2021 8:51 pm · এন ই নাও নিউজ,গুৱাহাটী

কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনে বিশ্বৰ ৯৭ খন দেশত ত্ৰাসৰ সৃষ্টি কৰিছে।

ইয়াৰ পৰা মুক্ত হ’ব পৰা নাই ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশো।

বাংলাদেশত ২০২০ চনত কোভিডে মহা সংহাৰৰ সৃষ্টি কৰিছিল। ফলত এবাৰ এবাৰকৈ দুবাৰৰ বাবে দেশ খনত লকডাউন ঘোষণা কৰিবলগীয়া হৈছিল।

অমিক্ৰনৰ সংহাৰৰ পূৰ্বেই সেয়ে বাংলাদেশৰ চৰকাৰে দেশ খনৰ নাগৰিকসকলক অধিক সুৰক্ষিত কৰাৰ লক্ষ্যৰে কোভিডৰ বুষ্টাৰ ডজ প্ৰদানৰ কথা চিন্তা কৰিছে।

সেইমৰ্মে আজি ঢাকাৰ মহাখালিস্থিত কলেজ অব ফিজিচিয়ান এণ্ড চাৰ্জনত কোভিডৰ বুষ্টাৰ ডজ পৰীক্ষামূলক ভাবে প্ৰদান কৰা হয় ।

দেশ খনৰ এগৰাকী নাৰ্চ ৰুণু ভেৰ’নিকা কোষ্টাই আজি প্ৰথমে কোভিডৰ বুষ্টাৰ ডজ গ্ৰহণ কৰে।

ইয়াৰ পিছতে বাংলাদেশৰ স্বাস্থ্যমন্ত্ৰী জাহিদ মালেক আৰু বিদেশমন্ত্ৰী ডঃ এ কে আব্দুল মোমেনেও কোভিডৰ বুষ্টাৰ ডজ গ্ৰহণ কৰে।

কোভিডৰ বুষ্টাৰ ডজ গ্ৰহণ কৰি বাংলাদেশৰ স্বাস্থ্য মন্ত্ৰী মালেকে কয় যে দেশ খনত অচিৰেই কোভিডৰ বুষ্টাৰ ডজ প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

উল্লেখ্য ভাৰতৰ দৰে দেশত এতিয়াও সকলো যোগ্য লোকে কোভিডৰ দুটা ভেকচিনেই সম্পূৰ্ণ ভাবে লাভ কৰা নাই।

অথচ বাংলাদেশে কোভিডৰ বুষ্টাৰ ডজৰ পৰীক্ষণ কৰিলে ।

ভাৰতৰ পৰাই বাংলাদেশে কোভিডৰ ৩০ নিযুত ভেকচিন ক্ৰয় কৰাৰ বাবে চুক্তি কৰিছিল।

দেশ খনে চীন আৰু ৰাছিয়াৰ সৈতেও একে চুক্তিয়েই সম্পাদন কৰিছে।

জানিব পৰা মতে বাংলাদেশে নিজৰ দেশতে ৰাছিয়াৰ কোভিড ভেকচিন প্ৰস্তুত কৰাৰ যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।

Related News