NORTHEAST NOW (Assamese)

ISIS সন্ত্ৰাসবাদী শামিমাক দিয়া নহয় নাগৰিকত্ব; স্পষ্ট কৰিলে বাংলাদেশৰ বিদেশ মন্ত্ৰীয়ে

February 17, 2020 7:57 am · এন ই নাও নিউজ
আইছিছ সন্ত্রাসবাদী শামিমা বেগম{

আইছিছ সন্ত্ৰাসবাদী শামিমা বেগমক বাংলাদেশে গ্ৰহণ নকৰে বুলি আকৌ এবাৰ স্পষ্ট কৰি দিছে দেশখনৰ বিদেশ মন্ত্ৰী কে আব্দুল মোমেনে।

মোমেনে কয় যে শামিমাৰ সৈতে বাংলাদেশৰ কোনো সম্পৰ্ক নাই।

শনিবাৰে সন্ধিয়া ছিলেট জিলাৰ মানিপীৰ অঞ্চলত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি বিদেশ মন্ত্ৰী গৰাকীয়ে এই কথা স্পষ্ট কৰে।

সাংবাদিকে শামিমাৰ নাগৰিকত্ব সন্দৰ্ভত প্ৰশ্ন সোধাত মোমেনে কয় যে শামিমাৰ সৈতে বাংলাদেশৰ কোনো সম্পৰ্ক নাই। তেওঁক লৈ ব্ৰিটিছ চৰকাৰে চিন্তা কৰিব, বাংলাদেশে নহয়। কিয়নো তেওঁৰ পিতৃ আৰু মাতৃ ব্ৰিটিছ নাগৰিক।

তেওঁ লগতে কয় যে তেওঁ এইখন দেশলৈ কেতিয়াও অহা নাই। কেবল শামিমাই নহয়, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত কোনো ব্যক্তিকে দেশখনত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

ইপিনে, ক’ৰোনা আক্ৰান্ত চীনত অধ্যয়ন কৰি থকা বাংলাদেশৰ বাকী শিক্ষাৰ্থীসকলক পৰ্যায়ক্ৰমে দেশলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হ’ব বুলিও বিদেশ মন্ত্ৰী মোমেনে জানিবলৈ দিয়ে।

উল্লেখ্য যে ২০১৫ চনত ছিৰিয়াত গৈ আইছিছত যোগদান কৰাৰ পাছত শামিমাৰ নাগৰিকত্ব ব্ৰিটিছ চৰকাৰে বাতিল কৰে।

ইয়াৰ বিৰুদ্ধ প্ৰত্যাহ্বান জনোৱাত ব্ৰিটেইনৰ আদালতে শামিমাৰ নাগৰিকত্ব বাতিলৰ সপক্ষে ৰায় দিয়াৰ লগতে তেওঁক বাংলাদেশৰ নাগৰিকত্ব বিচাৰিবলৈ পৰামৰ্শ দিয়ে।

শামিমাৰ পিতৃয়ে ইয়াৰ পাছতে বাংলাদেশ চৰকাৰক আবেদন জনাব বুলি সদৰী কৰে। কিন্তু ইয়াৰ পূৰ্বেই শামিমাৰ কাৰণে বাংলাদেশত জেগা নহ’ব বুলি স্পষ্ট কৰে বিদেশ মন্ত্ৰী আব্দুল মোমেনে।

Related News