NORTHEAST NOW (Assamese)

হোৱাটছএপৰ মাধ্যমেৰে ক্ৰিকেটৰ ট্ৰায়েল দিব বাংলাদেশৰ যুৱ ক্ৰিকেটাৰে

October 14, 2020 11:44 am · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত বাংলাদেশ ক্ৰিকেট বোৰ্ডে বিভিন্ন বয়সৰ ক্ৰিকেটাৰ সকলৰ ট্ৰায়েলৰ বাবে বিশেষ ঘোষণা কৰিছে।

বাংলাদেশ ক্ৰিকেট বোৰ্ডে শেহতীয়াভাৱে ১৪ বছৰ অনূৰ্ধ, ১৬ বছৰ অনূৰ্ধ আৰু ১৮ বছৰ অনূৰ্ধ ক্ৰিকেটাৰ সকলক হোৱাটছএপযোগে ট্ৰায়েল দিয়াৰ বাবে অনুমতি প্ৰদান কৰিছে।

এইসকল ক্ৰিকেটাৰে হোৱাটছএপ যোগে তেওঁলোকৰ ভিডিঅ’ সমূহ বাংলাদেশ ক্ৰিকেট বোৰ্ডলৈ প্ৰাথমিক ট্ৰায়েলৰ বাবে প্ৰেৰণ কৰিব আৰু ইয়াৰ ভিত্তিত তেওঁলোকক পৰৱৰ্তী ট্ৰায়েলৰ বাবে আমন্ত্ৰণ কৰা হ’ব।

ইতিমধ্যে বাংলাদেশ ক্ৰিকেট বোৰ্ডে ইয়াৰ বাবে বিভিন্ন হোৱাটছএপ গ্ৰুপ গঠন কৰিছে।

আঞ্চলিক প্ৰশিক্ষক সকলে এই ভিডিঅ’ সমূহ পৰ্যবেক্ষণ কৰিব আৰু প্ৰতিটো অঞ্চলৰ পৰা ভিডিঅ’ বিশ্লেষণ কৰি ৩০-৫০ জন ক্ৰিকেটাৰক পৰৱৰ্তী ট্ৰায়েলৰ বাবে নিৰ্বাচন কৰিব।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবেই বাংলাদেশ ক্ৰিকেট বোৰ্ডে এই বিশেষ ব্যৱস্থা কৰিছে।

আনহাতে, বাংলাদেশৰ যুৱ ক্ৰিকেটাৰ সকলেও বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ এই সময়োচিত পদক্ষেপক আদৰণি জনাইছে।

Related News