NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

বাংলাদেশৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক ছমাহৰ কাৰাদণ্ডৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 1, 2024 8:05 pm
Muhammad Yunus

শ্ৰম আইন উলংঘা কৰাৰ এক গোচৰত দোষী সাব্যস্ত হৈছে বাংলাদেশৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ। এই গোচৰত ইউনুছক ছমাহৰ কাৰাদণ্ডৰ শাস্তি বিহা হৈছে।

আজি ঢাকাৰ আদালতে মহম্মদ ইউনুছকে ধৰি চাৰিজন লোকক ছমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। তদুপৰি প্ৰত্যেককে ২৫ হাজাৰ টকা জৰিমনা বিহে আদালতে।

অৱশ্যে আদালতে ইউনুছক এমাহৰ ভিতৰত আপীল কৰাৰ চৰ্তত জামিন মঞ্জুৰ কৰে। শ্ৰম আইন উলংঘা আৰু দুৰ্নীতিৰ অভিযোগত আন ১০০ৰো অধিক অভিযোগৰ সন্মুখীন হৈছে ইউনুছ।

কিন্তু মহম্মদ ইউনুছে এই অভিযোগ অস্বীকাৰ কৰি গোচৰটোক মিছা আৰু উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰিছে।

ইউনুছক প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীয়ে এই গোচৰটো ইউনুছক হাৰাশাস্তি আৰু অপমান কৰাৰ প্ৰয়াস বুলি অভিযোগ কৰে।

ইউনুছক শাস্তি ঘোষণা কৰাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ উঠাই ল’বলৈ আহ্বান জনাইছে।