NORTHEAST NOW (Assamese)
Popular Stories

পিতৃ পাকিস্তানী-মাতৃ বাংলাদেশী; কিন্তু পুত্ৰৰ নাম কিয় ৰাখিলে ইণ্ডিয়া?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 30, 2023 2:50 pm

ঘৰলৈ শিশুৰ আগমন ঘটিলে বেছিভাগ দম্পতীয়ে প্ৰথমতে শিশুটিৰ নাম বাছনি কৰিবলৈ আৰম্ভ কৰে। ল’ৰাই হওঁক বা ছোৱালীয়েই হওঁক, নামটো আকৰ্ষণীয় হোৱাতো সকলোৱে আশা কৰে। সেইদৰে, নিজৰ পুত্ৰৰ বাবে এক ব্যতিক্ৰমী নাম ৰাখি সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে ওমৰ এশা।

পেছাত গায়ক, জন্মগতভাৱে পাকিস্তানৰ নাগৰিক ওমৰ আৰু বাংলাদেশৰ নাগৰিক তেওঁৰ পত্নীয়ে তেওঁলোকৰ প্ৰথম সন্তানৰ নাম ৰাখিছে ‘ইণ্ডিয়া’। যদিও পোছাকী নাম ইব্ৰাহিম, তেওঁ ‘ইণ্ডিয়া’ নামেৰে ছ’চিয়েল মিডিয়াত এক আলোড়নৰ সৃষ্টি কৰিছে। কিন্তু কেৱল দুখন দেশৰ সংযোগেই নহয়, এনে নাম ৰখাৰ আঁৰত আছে আন এক গভীৰ কাৰণ ।

এই কথা ব্যক্ত কৰি ওমৰে কয়, “জন্মৰ পৰাই মোৰ পত্নীয়ে মোৰ পুত্ৰক আন পাঁচজন পিতৃ-মাতৃৰ দৰে আমাৰ দুয়োৰে মাজত শুবলৈ দিয়াৰ অভ্যাস কৰি আহিছে। তেতিয়াৰ পৰা, সি আমাৰ মাজত দেৱালৰ দৰে হৈ আছে। নিজৰ ঘৰত থকা স্বত্বেও সি এনেদৰে আমাৰ মাজত এনেদৰে বিভাজন সৃষ্টি কৰি আহিছে। সেয়েহে, পাকিস্তান আৰু বাংলাদেশ এই দুয়োখন দেশৰ মাজত পুত্ৰ ‘ইণ্ডিয়া’ৰ অৱস্থানে স্বাভাৱিকতে সমস্যাৰ সৃষ্টি কৰিছে।”

কেৱল সেয়াই নহয়, ওমৰে সকলো নতুন অভিভাৱকক উদ্দেশ্যি কৈছে, “যিসকলে আমাৰ দৰে ঐতিহাসিক ভুল কৰিছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা থাকিল। ভৱিষ্যতে এনে ভুল কৰাৰ আগতে দুবাৰ চিন্তা কৰিব।‘’

দেখা গৈছে যে ওমৰৰ হাস্যৰসবোধে নেটিজেনসকলক ভালদৰে আমোদ দিছে। তেওঁৰ পোষ্টটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে।