NORTHEAST NOW (Assamese)

ভুৱা পাছপ’ৰ্ট লৈ মুম্বাই বিমানবন্দৰত গ্ৰেপ্তাৰ বাংলাদেশৰ পৰ্ণ তাৰকা!

September 27, 2024 7:27 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

ভুৱা পাছপ’ৰ্ট লৈ ভাৰতত থকাৰ অভিযোগত মুম্বাইৰ পৰা গ্ৰেপ্তাৰ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ তাৰকা ৰিয়া বাৰ্ডে। তেওঁক আৰোহী বাৰ্ডে বুলিও জনা যায়। প্ৰকৃততে বাংলাদেশৰ বাসিন্দা ৰিয়াক মুম্বাইৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

ৰিয়াই মাক আৰু ভাই-ভনীৰ সৈতে মুম্বাইত বাস কৰিছিল। মাকৰ বিয়া হৈছিল মুম্বাইৰ এজন মানুহৰ লগত। ভাতৃ-ভগ্নী ৰিয়াৰ সৈতে মুম্বাইত বাস কৰিছিল। উল্লাসনগৰৰ পৰা হিল লাইন আৰক্ষীয়ে ৰিয়াক গ্ৰেপ্তাৰ কৰে যদিও ভাই-ভনীক বিচাৰি পোৱাত ব্যৰ্থ হয়। তেওঁলোকক বিচাৰিবলৈ অনুসন্ধান আৰম্ভ কৰা হৈছে।

জনা যায় যে ৰাজ কুন্দ্ৰাৰ প্ৰডাকচনত ৰিয়া বাৰ্ডে কাম কৰিছিল।তেওঁ সদায় প্ৰাপ্তবয়স্ক ছবিৰ লগত জড়িত। তেওঁৰ মাতৃ ৰুবী শ্বেখৰ বিয়া হৈছিল অমৰাৱতীৰ এজন মানুহৰ লগত। বিয়াৰ সময়ত তেওঁ নিজকে পশ্চিম বংগৰ বাসিন্দা বুলি পৰিচয় দিছিল।

শেহতীয়াকৈ ৰিয়াৰ বন্ধু প্ৰশান্ত মিশ্ৰই গম পালে যে বাংলাদেশী অভিনেত্ৰীগৰাকীয়ে ভুৱা পাছপ’ৰ্ট লৈ ভাৰতত থাকে। তেওঁ আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীৰ মতে, তদন্ত অব্যাহত আছে। সকলো নথি-পত্ৰ পৰীক্ষা কৰা হৈছে।

Related News