NORTHEAST NOW (Assamese)

কেৱল লাগে পুত্ৰ সন্তান, অৱশেষত নেদেখাজনে দিলে ঢালি বাকি

September 7, 2020 8:08 am · এন ই নাও নিউজ
Updated: September 7, 2020 8:19 am

এতিয়াৰ যুগত নাৰী-পুৰুষ সকলো সমান।

পুৰুষৰ সমানেই নাৰীয়েও প্ৰগতিৰ পথেৰে সমানে আগবাঢ়ি গৈছে। নাৰীয়ে বিমান চলাইছে, সেনা বাহিনীত যোগদান কৰিছে আৰু যে কত’ কি কৰা নাই।

কিন্তু এনেবোৰ কথালৈ বিশেষ মনকাণ নাই বাংলাদেশৰ হেলালুদ্দিনৰ।
২০০১ চনতে বিয়া কৰোৱা হেলালুদ্দিনৰ ৩৮ বছৰীয়া পত্নীয়ে ইগৰাকীৰ পিছত সিগৰাকীকৈ তিনি গৰাকী কন্যা সন্তানৰ জন্ম দিলে।

হেলালুদ্দিনে প্ৰতিবাৰেই ভাবে এইবাৰ ল’ৰা সন্তানৰ মুখ দেখিব। কিন্তু সময়ত গৈ সকলো আশাত চেঁচাপানী পৰে।

এইবাৰ অৱশ্যে নেদেখা জনে যেন হেলালুদ্দিনলৈ মূৰ দাঙি চালে।

ইমান দিনে পূৰণ নোহোৱা হেলালুদ্দিনৰ আশা যেন এবাৰতে পুৰণ হ’ল।

বাংলাদেশৰ নাটোৰ অঞ্চলৰ বাগাতিপাৰাৰ সমীপৱৰ্তী কোৱালিপাৰাৰ বাসিন্দা হেলালুদ্দিনৰ পত্নী জলি বেগমে স্বামীৰ আশা পূৰণ কৰি এবাৰতে জন্ম দিলে তিনিটিকৈ পুত্ৰ সন্তান।

স্থানীয় এখন চিকিৎসালয়ত জন্মগ্ৰহণ কৰা তিনিওটি পুত্ৰ সন্তানৰ লগতে মাক বৰ্তমান সুস্থ অৱস্থাত থকা বুলি চিকিৎসকে প্ৰকাশ কৰিছে।

তিনি গৰাকী কন্যা সন্তানৰ পিছত একেলগে তিনিটিকৈ পুত্ৰ সন্তান লাভ কৰি হেলালুদ্দিনৰ উলাহে নধৰা হিয়া।

চিকিৎসালয়লৈ খবৰ ল’বলৈ যোৱা সকলক মিঠাই খুৱাই হেলালুদ্দিনে কৈছে—‘মোৰ এতিয়া তিনিটি কন্যা সন্তান আৰু তিনিটি পুত্ৰ সন্তান। আটাইকেইটিকে মই সমানে মৰম কৰিম’।

Related News