NORTHEAST NOW (Assamese)

১ লাখ ৬৯ হাজাৰত বিক্ৰী বাংলাদেশৰ “ড’নাল্ড ট্ৰাম্প”

July 21, 2020 7:35 pm · এন ই নাও নিউজ
ছবি সৌজন্য-- https://bengali.nenow.in/

“ড’নাল্ড ট্রাম্প” নামৰ বাংলাদেশৰ এটা ষাঁড় ১ লাখ ৬৯ হাজাৰ টকাত বিক্ৰী হৈছে, বাতৰিত প্ৰকাশ

চাঁপাইনবাবগঞ্জত বিক্ৰী হৈছে এই ষাঁড়টো। ওজন প্রায় ১৪ মোন।

তাৰ মালিক আছিল চাঁপাইনবাবগঞ্জ জিলাৰ শিৱগঞ্জ পৌৰ এলেকাৰ মন্না পাড়া মহল্লাৰ সাবাব এগ্র’ ফার্মৰ মেহেদী হাচান।

মালিক মেহেদী হাচানৰ ফালৰ পৰা জনোৱা হৈছে ১৪ মাহ আগতে শিৱগঞ্জৰ তর্ত্তিপুৰ বজাৰৰ পৰা তাক কিনা হৈছিল।

কিনাৰ সময়ত তাৰ দাম আছিল ৫৯ হাজাৰ টকা।

ষাঁড়টো হলিষ্টিন ফ্রিজিয়ান জাতৰ।

Related News