NORTHEAST NOW (Assamese)
Popular Stories

টীয়কত ল’কডাউনৰ নিয়ম উলংঘা কৰি বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত গ্ৰাহকৰ ভিৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক April 17, 2020 4:15 pm
টীয়কত ল’কডাউনৰ নিয়ম উলংঘা কৰি বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত গ্ৰাহকৰ ভিৰ

সমগ্ৰ বিশ্বৰ লগতে দেশত কভিড-19ৰ আতংক অব্যাহত থকাৰ সময়টো, চৰকাৰে ল’কডাউনৰ সময়সীমা বৃদ্ধি কৰি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ বাৰে বাৰে অনুৰোধ কৰাৰ পিছটো আজি যোৰহাট জিলাৰ টীয়কৰ লাহিং বুধবৰীয়াত বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত দেখা গ’ল এক অভাৱনীয় পৰিস্থিতি৷

চৰকাৰৰ সকলো নীতি-নিৰ্দেশ অমান্য কৰি, সামাজিক দূৰত্বক অমান্য কৰি অসম গ্ৰামীণ বিকাশ বেংকৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰত গ্ৰাহকে ভিৰ কৰেহি। সামাজিক দূৰত্ব বৰ্তাই ৰাখিবৰ বাবে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ ‘বেংক মিত্ৰ’ই  নিৰ্দ্দিষ্ট ১ মিটাৰ দূৰত্বত চিহ্ন অংকণ কৰিছে যদিও কোনো গ্ৰাহকে নামানে এই নীতি নিয়ম।

পিচত  উপায়ন্তৰ হৈ কেন্দ্ৰটোৰ বেংক মিত্ৰ জয়প্ৰকাশ বৰাই আৰক্ষী আৰু সাংবাদিকক খবৰ দিয়ে।

সাংবাদিক আৰু আৰক্ষীৰ লোক অহা বুলি জানিব পাৰি পিছলৈ গ্ৰাহকৰ ভিৰ কিছু নিয়ন্ত্ৰণলৈ আহে। আনহাতে অনাগত দিনত বেংকৰ সেৱা অব্যাহত ৰাখিবলৈ কেন্দ্ৰটোৱে প্ৰশাসনৰ সহায় বিচাৰিছে।