NORTHEAST NOW (Assamese)
Popular Stories

কাইলৈৰ পৰা দুদিনৰ বাবে স্তব্ধ হৈ পৰিব ATMৰ লগতে বেংকৰ সকলো কাম-কাজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 30, 2020 1:14 pm
bank_strike-kH2G--621x414@LiveMint_1580209784934

য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ, চমুকৈ য়ু এফ বি য়ু-এ শুকুৰবাৰৰ পৰা দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব।

দুদিনীয়া ধৰ্মঘটৰ ফলত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূবৰো ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ সকলো কাম-কাজৰ লগতে এ টি এম সেৱা স্তব্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

দৰমহাকেন্দ্ৰিক বিভিন্ন দাবীত এই ধৰ্মঘট কাৰ্য্যসূচী লোৱা বুলি য়ুনিয়নে জানিবলৈ দিছে।

২০১৭ চনৰ নৱেম্বৰ মাহৰ পৰা দৰমহা বৃদ্ধিৰ দাবী জনাই অহা বেংক কৰ্মচাৰী সকলে ধৰ্মঘট কাৰ্যসূচীত অংশ ল’ব বুলি জানিব পৰা গৈছে।

যদিহে উক্ত দিন দুটাত ধৰ্মধট কাৰ্যসূচী সফল হয় তেন্তে একেৰাহে তিনিদিন ধৰি স্তব্ধ হৈ পৰিব বেংকৰ কাম কাজ, কিয়নো ২ ফেব্ৰুৱাৰি দেওবাৰ।

উল্লেখ্য যে ধৰ্মঘট কাৰ্যসূচীৰ সময়সূচী লক্ষ্যণীয় হৈ পৰিছে। কিয়নো ৩১ জানুৱাৰিৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোত অৰ্থনৈতিক সমীক্ষা উপস্থাপন কৰিব।

ইয়াৰ ঠিক এদিন পিছতে অৰ্থাৎ ১ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২০-২১ বৰ্ষৰ বাবে দাখিল কৰিব বিত্তীয় বাজেট।

বাজেট দাখিলৰ পূৰ্বে দেখা দিয়া এনে ধৰণৰ সমস্যা সমাধান কৰাৰ বাবে শ্ৰম বিভাগ আৰু বিত্ত মন্ত্ৰ্যালয়ে ইণ্ডিয়ান বেংক এছ’চিয়েশ্যন আৰু য়ু এফ বি য়ু-ৰ সৈতে আলোচনা কৰিছিল যদিও সেই আলোচনা ফলপ্ৰসূ হোৱা দেখা নগ’ল।

উল্লেখ্য যে বেংক য়ুনিয়ন সমূহে ২০ শতাংশ দৰমহা বৃদ্ধি, সপ্তাহত পাঁচদিন কৰ্মদিন, নতুন পেঞ্চন নীতি বাতিল কৰা আদি বিভিন্ন দাবীত ধৰ্মঘট কাৰ্যসূচী পালন কৰিব।

য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ (য়ু এফ বি য়ু) হ’ল ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ বিভিন্ন সংগঠনবোৰৰ উমৈহতীয়া মঞ্চ।

অৱশ্যে এই মঞ্চৰ অধীনত নথকা ব্যক্তিগত খণ্ডৰ বেংক, যেনে আই চি আই চি আই, এক্সিছ, এইচ্ছ ডি এফ চি, য়েছ বেংক আদিৰ সেৱা অব্যাহত থাকিব বুলি নিশ্চিত হ’ব পৰা গৈছে।