NORTHEAST NOW (Assamese)
Popular Stories

ঐতিহাসিক চম্পাৱতী কুণ্ডমেলা আৰম্ভ; লক্ষাধিক দৰ্শনাৰ্থী সমাগম হোৱাৰ সম্ভাৱনা

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা January 30, 2020 12:26 pm

নগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ পৰ্যটন থলী চাপানালাত মাঘী সপ্তমীৰ তিথিত যুগ-যুগ ধৰি ঐতিহাসিক চম্পাৱতী কুণ্ডমেলা  অনুষ্ঠিত হৈ আহিছে। এইবাৰো বৃহস্পতিবাৰে পুৱাৰে পৰা চম্পাৱতীৰ কুণ্ড থলীত ভক্তপ্ৰাণ ৰাইজৰ সমাগম পৰিলক্ষিত হৈছে।

বনভোজ থলীত বিভিন্ন অস্থায়ী দোকান-পোহাৰৰ ব্যৱস্থা কৰাৰ লগতে পাহাৰৰ ভিতৰত অৱস্থিত মূল কুণ্ডৰ পূজা থলীলৈ যাবলৈ দৰ্শনাৰ্থীয়ে অতিক্ৰম কৰিব লগীয়া হোৱা প্ৰায় ৩ কিলোমিটাৰ বিপদসংকুল পথছোৱা যাতায়াতৰ সুবিধা কৰি দিয়াও দেখা পোৱা গৈছে।

উল্লেখযোগ্য যে, ৰজা হংসধ্বজৰ পত্নী প্ৰভাৱতীৰ চকুলোৰে সৃষ্টি বুলি জনসমাজত বিশ্বাস থকা জলকুণ্ড তথা জলপ্ৰপাতটোক ৰজাই নিজৰ জীয়ৰী চম্পাৱতীৰ নামেৰে নামকৰণ কৰিছিল।

লেমলেমী নামৰ পাহাৰটোৰ ওপৰৰ বৃহৎকায় এটা শিলৰ ফাকৰ পৰা তলৰ পাদদেশলৈ খৰস্ৰোতা বেগেৰে বৈ অহা জলকুণ্ডটিৰ তলতে ৰজাৰ জীয়েক চম্পাৱতীয়ে সৰস্বতীৰ পূজা-অৰ্চনা অনুষ্ঠিত কৰিছিল আৰু তেতিয়াৰ পৰা যুগ-যুগ ধৰি চম্পাৱতী কুণ্ডমেলা অনুষ্ঠিত হৈ আহিছে।

প্ৰবাদ আছে যে, মাঘী সপ্তমী তিথিত কুণ্ডৰ পানীত স্নান কৰিলে মনোবাঞ্চা পূৰ্ণ হয়। ইফালে এই বছৰৰ কুণ্ডমেলাত লক্ষাধিক দৰ্শনাৰ্থীয়ে ভিৰ কৰিব বুলি উদ্যোক্তা সকলৰ লগতে চাপানালাবাসী ৰাইজ আশাবাদী।